টকিঅ’ অলিম্পিক আৰম্ভ হোৱাৰ আগতেই ভয় দেখুৱাইছে কৰ’নাই, আক্ৰান্ত দুই খেলুৱৈ

olympics schedule articleLarge

টকিঅ’ অলিম্পিক আৰম্ভ হ’বলৈ মাত্ৰ পাঁচ দিন বাকী । তাৰ আগতেই কৰ’নাত আক্ৰান্ত আৰু দুজন খেলুৱৈ । টকিঅ’ গাওঁ য’ত পৰীক্ষা কৰাৰ বাবে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

অৱশ্যে, কোন দেশৰ কোন খেলুৱৈ কৰ’নাত আক্ৰান্ত হৈছে সেয়া বৰ্তমানৰলৈকে জানিবলৈ দিয়া নাই অলিম্পিক আয়োজক সংস্থাই। তথ্য অনুসৰি আক্ৰান্ত চেক দলৰ এজন সদস্য। দুই ক’ভিডৰ আক্ৰান্ত এচিম্পটোমেটিক।

কৰ’নাৰ প্ৰকোপত বিগত বৰ্ষত বাতিল কৰা হৈছিল অলিম্পিক । কিন্তু এই বছৰ কৰ’নাৰ প্ৰকোপ হ্ৰাস হোৱাৰ বাবে টকিঅ’ত আয়োজন কৰাৰ সিদ্ধান্ত লৈ অলিম্পিক আয়োজক সংস্থাই । ২৩ জুলাইত আৰম্ভ হ’ব অলিম্পিক ।ইতিমধ্যে খেলুৱৈসকল টকিঅ’ৰ গেমছ ভিলেজত উপস্থিত হৈছে।

Exit mobile version