বোকাজানত বন বিভাগৰ অভিযান, কেকোসাপ আৰু বনৰৌৰ বাকলিসহ দুজন আটক

চোৰাং ব্যৱসায়ত জড়িত নগালেণ্ডৰ আই আৰ বি এনৰ জোৱান

বোকাজান আৰক্ষী আৰু বনবিভাগৰ যুটীয়া অভিযানত আজি বোকাজান চিমেণ্ট ফেক্টৰীৰ সমুখৰ পৰা বুজন পৰিমাণৰ চোৰাং বনজ সম্পদ জব্দ কৰাৰ লগতে দুজন যুৱকক আটক কৰিবলৈ সক্ষম হয় ৷

বিশেষ সুত্ৰৰ পম খেদি চলোৱা এই অভিযানত ১২ টা জীৱীত কেকোসাপ, ১৩ টা মৃত শুকান কেকোসাপ আৰু ১২ কি:গ্ৰা: বনৰৌৰ বাকলি উদ্ধাৰ কৰে ৷

আটকাধীন দুজন যুৱক হল ক্ৰমে নগালেণ্ড আই আৰ বি এনৰ জোৱান খট’ ৰিখ’ আৰু নিজকে ছাত্ৰ হিচাবে পৰিচয় দিয়া ইলুংহেও কোৱাম ৷

Exit mobile version