লোঙা নৈৰ গৰাখহনীয়াই কবলত গৃহহীন কে’বাটাও পৰিয়াল, খেতি মাটিৰ লগতে জাহ গৈছে ঘৰ দুৱাৰ

WhatsApp Image 2021 07 18 at 1.51.56 PM

কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অধিন বিন্নাছাৰা ভিচিডিচিৰ অন্তৰ্গত আমতলি, বগাগুৰী গাওঁৰ কাষেদি বৈ যোৱা লোঙা নৈয়ে সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াৰ ।

লোঙা নৈৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে শতাধিক বিঘা খেতি মাটি লোঙা নৈৰ বুকুত জাহ যোৱাৰ লগতে কে’বাটাও পৰিয়ালৰ ঘৰ মাটি পানীত বিলিন হৈছে।

বিগত কে’বাবছৰ ধৰি লোঙা নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবৰ বাবে স্থানীয় ৰাইজে বিটিচি প্ৰশাসনৰ লগতে কোকৰাঝাৰ পশ্চিম জনজাতি সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীকো অবগত কৰিছিল যদিও নৈখনৰ গৰাখহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ কোনোধৰণৰ পদক্ষেপ লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে গাওঁবাসীয়ে।

আজি গাওঁবাসীয়ে লগতে কয় যে বিটিআৰত যিহেতু বিজেপি আৰু ইউপিপিএলৰ মিত্রজোটৰ চৰকাৰ চলি আছে সেইবাবে এই চৰকাৰখনক লোঙা নৈৰ গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈও আহ্বান জনায়।

Exit mobile version