সংস্কৃত ভাষাত ৰেল ষ্টেচনৰ নামফলক মোদীৰ বাৰানসীত

84411962

প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লোকসভা সমষ্টিৰ বাৰানসীৰ এটা ৰেল ষ্টেচনৰ নামফলকত স্থান পালে সংস্কৃত ভাষাই । বাৰানসীৰ এটা ৰেল ষ্টেচনৰ নাম শেহতীয়াকৈ সলনি কৰা হৈছে । তেতিয়াই নতুন নামফলকত দেখা গ’ল ইংৰাজী, হিন্দী আৰু উৰ্দুৰ লগত সংস্কৃত ভাষাৰ নাম ।

উত্তৰ-পূৱ ৰেলৰ অন্তৰ্গত মণ্ডুৱাদিহি ৰেল ষ্টেচনৰ নাম সম্প্ৰতি সলনি কৰি ‘বনাৰস’ ৰখা হৈছে । ৰেল কৰ্তৃপক্ষ‌ই ইংৰাজী আৰু উৰ্দুৰ সমান্তৰালকৈ দেৱনাগৰী হৰফত হিন্দী আৰু সংস্কৃতটো ষ্টেচনটোৰ নাম লিখিছে । ইয়াৰ পৰিপ্ৰেক্ষিততে বাৰানসী জংচনৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগত অৱস্থিত মণ্ডুৱাদিহিয়ে সম্প্ৰতি ৰাজনীতিৰ আলোচনাটো ঠাই পাইছে ।

উত্তৰ-পূৱ ৰেলৰ মুখ্য জনসংযোগ বিষয়া পংকজ সিঙে এই প্ৰসংগত কয়, ‘বাৰানসী হৈছে দেশৰ প্ৰাচীন সাংস্কৃতিক পীঠস্থান । সেয়ে ৰেলে এতিয়াৰ চাইব’ৰ্ডত সংস্কৃত ভাষাত নাম লিখিছে ।’ তেওঁ লগতে জনায় যে, ভাৰতীয় ৰেলৰ নিয়ম অনুসৰি ইংৰাজী আৰু হিন্দীত নাম লিখাটো বাধ্যতামূলক । ইয়াৰ সমান্তৰালকৈ সংবিধান স্বীকৃত আঞ্চলিক ভাষা তথা উৰ্দু আৰু সংস্কৃতিটো ৰেল ষ্টেচনৰ নাম লিখিব পাৰি ।

উল্লেখ্য যে উত্তৰ-পূৱ ৰেলে প্ৰথমবাৰলৈ ষ্টেচনৰ নাম সংস্কৃতত লিখাৰ উদ্যোগ গ্ৰহণ কৰিছে । অৱশ্যে যোৱা বছৰ উত্তৰ ৰেলৰ দেৰাডুন ৰেল ষ্টেচনৰ নামফলকটো সংস্কৃত ভাষা দেখা গৈছিল । তাত উৰ্দুত লিখা নাম মচি সংস্কৃতত লিখাৰ বাবে প্ৰৱল বিতৰ্ক‌ও হৈছিল । অৱশ্যে মোদীৰ বনাৰসত সংস্কৃতৰ লগতে উৰ্দুৰো সহাৱস্থান কৰাই বিতৰ্ক এৰাই চলাৰ চেষ্টা কৰা দেখা গৈছে ।

Exit mobile version