জনীয়া সমষ্টিৰ তাপেশ্বৰাত পথ নিৰ্মাণত ব্যাপক দূৰ্ণীতি,যাতায়তত নৰক যন্ত্ৰণা ভুগিছে ৰাইজে

ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ সচেতন মহলৰ

WhatsApp Image 2021 07 19 at 6.13.09 PM

জনীয়া সমষ্টিৰ তাপেশ্বৰা – বালাপাথাৰ সংযোগী পথৰ অতি শোচনীয় অৱস্থাই যাতায়তৰ ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজক দীৰ্ঘদিন ধৰি নৰক যন্ত্ৰণা ভোগাইছে।

পঞ্চায়ত প্ৰতিনিধি, স্থানীয় বিধায়ক আৰু সাংসদেও পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি ৰাইজে অভিযোগ তুলিছে। ইতিমধ্যে পথটোৰ আধা অংশ ব্লক ইটাৰে এম জি এনৰেগা আঁচনিৰ ধনেৰে নিৰ্মাণ কৰা হৈছিল যদিও দূৰ্ণীতিৰ আশ্ৰয় লৈ নিন্মমানৰ কাম কৰাৰ বাবেই ৰাস্তাৰ দুয়োফালে জহিখহি যাবলৈ আৰম্ভ কৰিছে।

যি সময়ত ৰাজ্যৰ ৰাস্তা ঘাট আদিৰ আমুল পৰিৱৰ্তন হোৱা বুলি গড়কাপ্তানী বিভাগে কৈ আছে ঠিক সেই সময়তে জনীয়া সমষ্টিৰ তাপেশ্বৰা – বালাপাথাৰ সংযোগী পথটোৰ কদৰ্যৰূপে উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিছে।

এনে পৰিস্থিতিত ৰাইজৰ সুবিধাৰ্থে পথটো নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ কামনা কৰিছে গাঁওবাসীয়ে।

Exit mobile version