দিকদাৰী কাঠৰ দলঙে নৰক যাতনা ভোগাইছে ৰাইজক

চিথিলা শিকাৰগাঁও সংলগ্ন গড়কাপ্তানী পথৰ মাজত থকা কাঠৰ দলং নিৰ্মাণৰ দাবী ৰাইজৰ

WhatsApp Image 2021 07 19 at 2.07.48 PM

কোকৰাঝাৰ জিলাৰ দোতমা উন্নয়ন খণ্ডৰ অধীন চিথিলা শিকাৰগা‍ঁও সংলগ্ন গড়কাপ্তানী পথৰ মাজত থকা দিকদাৰী কাঠৰ দলংখন বিটিচি গঠনৰ ১৭ বছৰ পাছতো নিৰ্মাণ নোহোৱাত নৰক যাতনা ভুগিবলগীয়া হৈছে ৰাইজ । দীৰ্ঘদিনৰ পৰা দিকদাৰীস্থ কাঠৰ দলংখন ভাঙি চিঙি জৰাজিৰ্ণ হৈ থকাৰ বাবে বহুতো ধৰণৰ দুৰ্ঘটনাও সংঘটিত হয় ।

অসমত কংগ্ৰেছ চৰকাৰৰ দিনতে স্থানীয় ৰাইজে দিকদাৰী কাঠৰ দলংখন নিৰ্মাণৰ বাবে দাবী কৰি আহিছিল যদিও আজিলৈকে দলংখন নিৰ্মাণ কৰা নহ’ল বুলি অভিযোগ উত্থাপন কৰিছে । আজি একাংশ ৰাইজে প্ৰতিবেদকক জনায় যে এইবেলি যিহেতু বিজেপি, ইউপিপিএল, অগপ আজি দলৰ মিত্রজোঁটৰ চৰকাৰৰ শাসন চলি আছে সেয়ে উক্ত দলংখন সোনকালে নিৰ্মাণৰ দাবী জনাইছে ।

Exit mobile version