ব্রেনছনৰ পাছত মঙলবাৰে মহাকাশত ভৰি দিব বিশ্বৰ ধনাঢ্য ব্যক্তি বেজ’ছে

OYO635GHQQI6XBYIMSMR6KWPFA

বিশ্বৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত এমেজনৰ মুৰব্বী জেফ বেজ’ছে অহা মঙলবাৰে মহাকাশ অভিমুখে যাত্ৰা কৰিব। নিজৰ মহাকাশ গৱেষণা প্রতিষ্ঠান ব্লু অৰিজিনে তৈয়াৰ কৰা এখন যাত্রীবাহী মহাকাশ যানৰে বেজ’ছে এই ৰােমান্সকৰ মহাকাশ যাত্ৰাত অংশ ল’ব।

ADVERTISEMENT

অৱশ্যে বেজ’ছৰ এই মহাকাশ ভ্ৰমণৰ পূর্বে যােৱা ১১ জুলাইত আন এগৰাকী ধন কুবেৰ ৰিচাৰ্ড ব্রেনছনে নিজৰ প্রতিষ্ঠান ভার্জিন গেলেক্টিকৰ মহাকাশ যানৰে মহাকাশ ভ্ৰমণ কৰি এক অভিলেখ ৰচিলে।

বেজ’ছে মহাকাশৰ অধিক উচ্চতালৈ যাত্ৰা কৰিব। মহাকাশত ভাসমান মানৱৰ বসতি স্থাপন কৰাৰ লক্ষ্যৰে ২০০০ বর্ষতে বেজ’ছে ব্লু অৰিজিন নামৰে প্রতিষ্ঠান গঢ় দিছিল।

Exit mobile version