এইবাৰ চীনত বান্দৰৰ পৰা সংক্রমিত ভাইৰাছত মৃত্যু এজন চিকিৎসক

monkey 4263048 1280

কৰ’না ভাইৰাছৰ পাছত এইবাৰ বান্দৰৰ পৰা মানৱ দেহলৈ বিয়পা আন এক ভাইৰাছৰ সংক্রমণক লৈ নতুনকৈ উদ্বেগ সৃষ্টি হ’ল চীনত। বেইজিং চহৰৰ এজন পশু চিকিৎসকে বান্দৰৰ প্ৰজাতিক লৈ এক অধ্যয়ন চলাইছিল আৰু সেই সময়তে তেওঁ মংকী বি ভাইৰাছ (বি ভি)ত আক্রান্ত হৈছিল।

অৱশেষত এই ভাইৰাছত আক্রান্ত হােৱা চিকিৎসকজনৰ মৃত্যু হ’ল। অৱশ্যে ‘গ্ল’বেল টাইমছ’ৰ বাতৰি অনুসৰি, উক্ত আক্রান্ত চিকিৎসকজনৰ সংস্পৰ্শলৈ অহা আন সকলাে ব্যক্তি নিৰাপদে আছে।

প্রাণীকূলৰ নানা প্রজাতিৰ সন্দৰ্ভত এটা ইনষ্টিটিউটত গৱেষণা চলাইছিল ৫৩ বছৰীয়া মৃত চিকিৎসকজনে। যােৱা মার্চত দুটা মৃত বান্দৰৰ দেহত তেওঁ গৱেষণামূলক অধ্যয়ন চলােৱাৰ পাছতে বি ভি ভাইৰাছত আক্ৰান্ত হৈছিল আৰু বমিৰ দৰে উপসর্গই তেওঁৰ শৰীৰত দেখা দিছিল।

পাছত গুৰুতৰভারে অসুস্থ হােৱাত চিকিৎসকজনক হাস্পতালত ভর্তি কৰােৱা হৈছিল আৰু যােৱা ২৭ মে’তে তেওঁৰ মৃত্যু হৈছিল। অৱশ্যে সম্প্রতি চীনে চিকিৎসকজনৰ মৃত্যুৰ কথা প্রকাশ কৰিছে। বি ভি ভাইৰাছত আক্ৰান্ত হৈ মানৱে মৃত্যুবৰণ কৰা ঘটনা চীনত এয়ে প্রথম সংঘটিত হ’ল।

Exit mobile version