ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য কৰি এবছুৰ স্বচ্ছতা অভিযান

WhatsApp Image 2021 07 20 at 6.50.24 PM

বিশ্বত সন্ত্রাস সৃষ্টি কৰা মহামাৰী কৰ’না ভাইৰাছৰ বাবে বিদ্যালয়সমুহ বন্ধ আছে। দীৰ্ঘ দিনৰ পৰা বিদ্যালয় সমুহ বন্ধ হৈ থকাত বহুতো বিদ্যালয় গৃহ খেলপথাৰ আদিত হাবি বনে আগুৰি ধৰিছে। সেইবাবে এবছুৱে লৈছে স্বচ্ছতা অভিযান।

ADVERTISEMENT

আজি এবছুৰ কোকৰাঝাৰ জিলাৰ দোতমা শিক্ষা খণ্ডৰ অধিন বিভিন্ন বিদ্যালয় ছেনিটাইজেচন কৰাৰ উপৰিও বিদ্যালয়ৰ চৌহদ ছাফা কৰে। বিদ্যালয়সমুহৰ ছাফাই অভিযানত উপস্থিত থাকে এবছুৰ কোকৰাঝাৰ জিলাৰ শিক্ষা সম্পাদক জাঙ্গীলা ওৱাৰী, ক্রীড়া সম্পাদক মহীম বসুমাতাৰী, এবছুৰ কোকৰাঝাৰ জিলাৰ জনসম্পৰ্ক সম্পাদক হাঙ্গামা নাৰ্জাৰী, এবছুৰ দোতমা আঞ্চলিকৰ সভাপতি সঞ্জীব কুমাৰ ব্ৰহ্ম, দোতমা আঞ্চলিকৰ শিক্ষা সম্পাদক কনক ব্ৰহ্ম, চিথিলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিষ্ণুপদ শীল শৰ্মাৰ লগতে এবছুৰ কৰ্ম কৰ্তাসকলৰ ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি এবছুৰ কোকৰাঝাৰ জিলাৰ শিক্ষা সম্পাদক জাঙ্গীলা ওৱাৰীয়ে সংবাদমাধ্যমৰ আগত কয় যে ,’বিদ্যালয়সমুহ এটাকৈ মন্দিৰ সদৃশ। সেইবাবে বিদ্যালয় সমুহৰ পৰিস্কাৰ পৰিচ্ছন্নতাৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছো।’

Exit mobile version