জিংক কি আৰু আমাৰ শৰীৰক দৈনিক কিমান পৰিমাণৰ জিংকৰ প্ৰয়োজন ?

 কি কি কাৰণত শৰীৰত জিংকৰ অভাৱে দেখা দিব পাৰে ? জানো আহক সকলো

foods rich in zinc

জিংক কি ?

আইৰণ, কেলচিয়াম আৰু ক’পাৰৰ দৰে জিংক আমাৰ শৰীৰৰ বাবে এক অত্যন্ত লাগতিয়াল খনিজ ৷ জিংক মানৱ শৰীৰৰ প্ৰতিটো কোষতেই থাকে ৷ প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলা উভয়ৰে তেজৰ চেৰামত থকা জিংকৰ পৰিমাণ হ’ল ০.৬৬ ৰ পৰা ১.১ মাইক্ৰগ্ৰাম %, আকৌ ১০বছৰৰ তলৰ শিশুৰ চেৰামত থকা জিংকৰ পৰিমাণ হ’ল ০.৬০ ৰ পৰা ১.২ মাইক্ৰগ্ৰাম % ৷ জিংক আমাৰ শৰীৰত উৎপাদন নহয়৷ বাহিৰৰ খাদ্য বা আন স্ৰোতৰ (যেনে ঔষধি) পৰা জিংক শৰীৰে আহৰণ কৰিব লাগে ৷

আমাৰ শৰীৰক দৈনিক কিমান পৰিমাণৰ জিংকৰ প্ৰয়োজন ?

মহিলাক স্বাভাৱিক অৱস্থাত আঠ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয় ৷ গৰ্ভাৱস্থাত আৰু স্তনপান কৰোৱা অৱস্থাত বেছিকৈ জিংকৰ প্ৰয়োজন হয় ৷ ঠিক তেনেদৰে এজন পুৰুষক দৈনিক ১১ মিলিগ্ৰাম জিংকৰ প্ৰয়োজন হয় ৷

শৰীৰত জিংকৰ প্ৰয়োজনীয়তা

★ জিংকৰ প্ৰয়োজন শৰীৰৰ সুৰক্ষা প্ৰণালী (ইমিউনিটি) বাহাল ৰাখিবলৈ ৷

★ জিংকৰ প্ৰয়োজন ডি এন এ নিৰ্মাণৰ বাবে ৷

★ জিংকৰ প্ৰয়োজন শৰীৰৰ মেটাবলিজম চলাই যাবলৈ ৷

★ জিংকৰ প্ৰয়োজন শৰীৰৰ বিভিন্ন এনজাইমৰ ক্ৰিয়াকলাপ চলাই যাবলৈ ৷

★ জিংকৰ প্ৰয়োজন শৰীৰৰ প্ৰটিন আৰু ক’লাজেন টিছু নিৰ্মাণৰ বাবে ৷

★ জিংকৰ প্ৰয়োজন শৰীৰৰ মস্তিষ্কৰ সক্ৰিয়তা বঢ়াবলৈ ৷

★ বিশ্বৰ প্ৰায় ১০শতাংশ লোক শালমনৰ সমস্যাত ভোগে৷ জিংক খালে আৰু লগালে শালমন আৰোগ্য হয় ৷

★ জিংকৰ দ্বাৰা চকুৰ দৃষ্টিশক্তিৰ উন্নতি হয় ৷ জিংকৰ অভাৱত কুকুৰীকণা আৰু হ’ব পাৰে ৷

★ ছাল আৰু চুলিৰ সুৰক্ষাৰ বাবে জিংক অপৰিহাৰ্য ৷

কি কি কাৰণত শৰীৰত জিংকৰ অভাৱে দেখা দিব পাৰে ?

★ উপযুক্ত খাদ্যৰ অভাৱ

★ অতিমাত্ৰা মদ্যপান

★ পাক প্ৰণালীৰ অপাৰেচন

★ বাৰ্ধক্যজনিত

★ কিডনি আৰু লিভাৰৰ ৰোগ থাকিলে

Exit mobile version