পেট্ৰল, ডিজেলৰ মূল্য হ্ৰাস কৰাৰ দাবীত তিনিচুকীয়া পৰিৱহন নিগমৰ বাছ আস্থানৰ সন্মুখত প্ৰতিবাদ গাড়ী চালক সন্থাৰ ৷
সমান্তৰালভাৱে কৰ’নাকালীন পৰিস্থিতিত যানবাহনৰ কৰ ৰেহাই দিয়াৰ লগতে শ্ৰমিকসকলক সাহায্য প্ৰদানৰ দাবী গাড়ী চালক সন্থাৰ, লগতে অল ইণ্ডিয়া ৰ’ড ট্ৰান্সপৰ্ট ৱাৰ্কাছ ফেডাৰেচনৰ ৷
গাড়ী চালক সংগঠন দুটাৰ অৰ্ধশতাধীক প্ৰতিবাদকাৰীয়ে ৰূপায়ন কৰা প্ৰতিবাদস্থলীৰ পৰাই চৰকাৰলৈ মটৰ শ্ৰমিক কল্যাণ আঁচনিখন অতি সোনকালে ৰূপায়ন কৰিবলৈ দাবী জনায় ।