‘দ্য গার্ডিয়ান’ৰ বাতৰিত ব্যাপক চাঞ্চল্য : মন্ত্রী, বিৰােধী নেতা, সাংবিধানিক ব্যক্তি, সাংবাদিকৰ তথ্য গােপনে আহৰণ

‘পেগাছাছ’ স্পাইৱেৰে কেনেকৈ কৰিছিল চোৰাংচোৱাগিৰি

Webp.net resizeimage 5

‘পেগাছাছ’ নামৰ এক স্পাইৱেৰক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰি বিশ্বত কমেও ৫০ হেজাৰ স্মার্টফোনত গােপনে কৰা হৈছে নিৰীক্ষণ। দেওবাৰে ব্রিটেইনৰ পৰা প্রকাশিত ‘দ্য গার্ডিয়ান’ নামৰ সংবাদপত্ৰখনে এই বাতৰি প্ৰচাৰ কৰাৰ পাছত সমগ্র বিশ্বজুৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

ইটালীৰ এটা সংস্থাৰ জৰিয়তে স্মার্টফোনত ‘পেগাছাছ’ স্পাইৱেৰ ব্যৱহাৰৰে গােপনে ম’বাইল ফোন ব্যৱহাৰকাৰীৰ চোৰাংচোৱাগিৰি কৰাৰ অভিযােগ বাতৰিটোত কৰা হৈছে। ‘পেগাছাছ’ হৈছে এক ধৰণৰ মেলৱেৰ। চাইবাৰ বিশেষজ্ঞসকলে প্রকাশ কৰা অনুসৰি, পেগাছাছৰ জৰিয়তে একাধিক ব্যক্তিৰ ফোন, লেপটপত থকা যাৱতীয় তথ্যপাতি আহৰণ
কৰিব পাৰি।

কোনাে ব্যক্তিৰ আইফোন বা এনড্রইডৰ পৰা মেছেজ, ফটো, ইমেইল, কল ৰেকৰ্ড, চেট ইত্যাদি পেগাছাছৰ জৰিয়তে অতি সহজে আন ব্যক্তিয়ে আহৰণ কৰিব পাৰে। কেৱল এয়াই নহয়, এই স্পাইৱেৰে গােপনে ম’বাইল ফোনৰ মাইক্রফোন আৰু কেমেৰাও সক্রিয় কৰি তুলিব পাৰে।

মূলতঃ হােৱাটছএপ, মেছেজ ইত্যাদি মাধ্যমৰে এটি লিংকৰ সহায়ত পেগাছাছক স্মার্টফোনত প্ৰৱেশ কৰােৱা হয়। ইজৰাইলী সংস্থা এন এছ অ’ৰ দাবী অনুসৰি, মূলত সন্ত্রাসবাদী কার্যকলাপসহ একাধিক অপৰাধমূলক কর্মৰ ওপৰত নজৰ ৰাখিবলৈ পেগাছাছ ব্যৱহাৰ কৰা হয়।

মূলতঃ চৰকাৰী উদ্যোগতে এই স্পাইৱেৰ ব্যৱহাৰ কৰা হয়।‘দ্য গার্ডিয়ান’ৰ চাঞ্চল্যকৰ বাতৰিটোত দাবী কৰা মতে, ইজৰাইলৰ এন এছ অ’ সংস্থাটোৱে বিশ্বৰ ৪০ খনৰাে অধিক দেশৰ চৰকাৰক পেগাছাছ স্পাইৱেৰ বিক্ৰী কৰিছে। স্মার্টফোনত এই স্পাইৱেৰ ব্যৱহাৰ কৰা প্রথম ১০খন দেশৰ ভিতৰত ভাৰতাে আছে।

ভাৰতত যি ১৩টা আইফোনৰ এতিয়ালৈকে পৰীক্ষা সম্পন্ন কৰা হ’ল ইয়াৰে নটাত এই স্পাইৱেৰে বাহৰ পতাৰ প্রমাণ লাভ কৰা হৈছে। ‘দ্য ৱায়াৰ’ নামৰ নিউজ ৱেবছাইটটোৱে দাবী কৰা অনুসৰি, ২০১৮-১৯ বৰ্ষত ভাৰতত তিনিশৰাে অধিক ফোনত পেগাছাছ স্পাইৱেৰৰ জৰিয়তে গােপনে নিৰীক্ষণ কৰা হৈছিল।

এইসকল লােকৰ ভিতৰত ৪০ জনৰাে অধিক সাংবাদিক আছিল। তদুপৰি বিভিন্ন গুরুত্বপূর্ণ গােচৰৰ স’তে জড়িত আইনজীৱীৰ ফোনতাে গােপনে পেগাছাছ। প্রৱেশ কৰােৱা বুলি নিউজ ৱেবছাইটটোৱে দাবী কৰিছে। কেৱল স্মার্টফোনতে নহয়, এই স্পাইৱেৰ লেপটপৰ পৰাও তথ্যপাতি আহৰণ কৰিব পাৰে।

ইজৰাইলৰ সংস্থাটোৱে তৈয়াৰ কৰা পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি নৰেন্দ্ৰ মােদী চৰকাৰৰ দুই মন্ত্রী, বিৰােধী নেতা-নেত্রী, সাংবিধানিক পদত কর্তব্যৰত ব্যক্তি, একাধিক সাংবাদিক আৰু ব্যৱসায়ীসহ কমেও ৩০০ জন ভাৰতীয়ৰ মবাইলৰ তথ্য গােপনে আহৰণ কৰাৰ অভিযােগ পােহৰলৈ অহাৰ পাছত দেশৰ ৰাজনৈতিক মহলত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত বিৰােধী কংগ্ৰেছ দলে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ পৰা স্পষ্টীকৰণ দাবী কৰিছে।

Exit mobile version