বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ

screenshot 2021 07 19 at 11

বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক সোমবাৰে নিশা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।তেওঁৰ বিৰুদ্ধে অভিযোগ অশ্লীল চলচ্চিত্ৰ নিৰ্মাণ কৰি মোবাইল এপ্লিকেচনৰ জৰিয়তে প্ৰকাশ কৰাৰ।

ADVERTISEMENT

এই অভিযোগ ২০২১ চনৰ ফেব্ৰুৱাৰীত দাখিল কৰা হৈছিল। গোচৰটোৰ মূল অভিযুক্ত ৰাজ কুন্দ্ৰাক সোমাবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়।

গ্ৰেপ্তাৰ হোৱাৰ পাছত, মুম্বাই আৰক্ষীয়ে কয় যে তেওঁলোকৰ ওচৰত শিল্পা চেট্টীৰ স্বামীৰ বিৰুদ্ধে যথেষ্ট প্ৰমাণ আছে। তদন্তও চলি আছে। ইয়াৰ মাজতে প্ৰমাণ হিচাবে অহা তথ্যৰ পৰিমাণ যথেষ্ট আছে আৰু তাৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ কুন্দাজ । ২৬ মাৰ্চত ছফ্ট পৰ্ণগ্ৰাফীৰ গোচৰত মহাৰাষ্ট্ৰ চাইবাৰ চেলে ৰাজ কুন্দ্ৰাক এটা সোধা-পোছা কৰিছিল ।

Exit mobile version