শিল্পী পেঞ্চনৰ পৰা বঞ্চিত অভিনেতা হ’ল দোকানী, টিহুৰ ৰণাকুছিৰ নিজ ঘৰৰ বাৰান্দাত চিপচ-চকলেট বেচি জীৱন নিৰ্বাহ অভিনেতা সুৰেশ ভাগৱতীৰ

IMG 20210718 145002

কৰ’না সৃষ্ট ভয়াবহ পৰিস্থিতিত কলা-সংস্কৃতিক প্ৰাণৱন্ত কৰি ৰখা ৰাজ্যৰ ভ্ৰাম্যমান থিয়েটাৰসমূহ নিশ্চিহ্ন হৈ পৰাৰ উপক্ৰম ঘটিছে । যাৰ ফলত ইয়াৰ লগত জড়িত শিল্পী, কলা-কুশলীসকলৰ জীৱনত অভাৱনীয় পৰিৱৰ্তন ঘটাই নহয়, জীৱন নিৰ্বাহৰ সমস্যাই গা কৰি উঠিছে । আনকি বহুতো শিল্পী, অভিনেতা, কলা-কুশলীয়ে জীৱনত কল্পনা নকৰা কিছুমান কামকাজ কৰি জীৱিকা নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে । তেনে এগৰাকী অভিনেতাই নিজৰ জীৱিকা সলনি কৰি দিয়া এক অবাঞ্চিত ঘটনাই সাংস্কৃতিক মহলক উদ্বিগ্ন কৰি তুলিছে ।

ভ্ৰাম্যমাণ থিয়েটাৰৰ এসময়ৰ এগৰাকী মঞ্চ সফল অভিনেতা সুৰেশ ভাগৱতী । কৰ’না সৃষ্ট পৰিস্থিতিৰ বাবেই সম্প্ৰতি তেওঁ নিজ ঘৰৰ বাৰান্দাত এখন সাধাৰণ দোকান দি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে । সাম্প্ৰতিক পৰিস্থিতিৰ তাগিদাত আৰ্থিক সংকটৰ পৰা ৰক্ষা পাবলৈ পান, তামোল, চিগাৰেট, চাধা, চিপচ, চকলেট আদি বিক্ৰী কৰি জীয়াই থকাৰ সংগ্ৰাম কৰিব লগা হৈছে শিল্পী সুৰেশ ভাগৱতীয়ে ।

টিহুৰ ৰণাকুছি-হেলচাপাৰা গাঁৱৰ সুৰেশ ভাগৱতীৰ অভিনয়ৰ প্ৰতি থকা প্ৰবল হেঁপাহৰ বাবে শিক্ষা জীৱন আধাতে সামৰি ১৯৭৬ৰ পৰা অভিনয়ৰ লগত জড়িত হৈ অপেচাদাৰী নাট্য দলৰ লগত নিজ অঞ্চলৰ লগতে উত্তৰ গুৱাহাটী, ৰবীন্দ্ৰ ভৱন , জিলা পুথিভঁড়াল, শিল্পগ্ৰাম আদিত বিভিন্ন নাটকত অভিনয় কৰে । আনকি জয়ন্ত দাসৰ পৰিচালনাত “মহানায়ক” নামৰ টেলিনাটক এখনতো অভিনয় কৰে । পাছত ১৯৮৪ত অনিৰ্বান থিয়েটাৰত অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল । পৰৱৰ্তী সময়ত তেওঁ ৰংঘৰ থিয়েটাৰ, আৱাহন থিয়েটাৰ আদিৰ মঞ্চত সফল অভিনয় কৰি অসমৰ পাহাৰে-ভৈয়ামে ,চহৰে-নগৰে দৰ্শকৰ প্ৰসংশা বুটলিবলৈ সক্ষম হৈছিল ।

ভাগৱতীয়ে কুশল কোঁৱৰ, কনকলতা, চাৰ্কাচৰ বাঘিনী, শেৱালি, অগ্নিশিখা, কালমেঘ, ভক্তধ্ৰুৱ, কালাপাহাৰ, মল্লিকা, দেৱতা, অজগৰ, কালচক্ৰ, মদ্ভাগৱত গীতা, জন্মভূমি, গৃহস্থ-চাকৰ-কুকুৰ আদি বিভিন্ন নাটকত অভিনয় কৰি সুনাম অৰ্জন কৰিছিল । অভিনয় জীৱনত তেওঁ প্ৰাঞ্জল শইকীয়া , হেমন্ত দত্ত, জীৱেশ্বৰ ডেকা, সুৰেন মহন্ত, তৌফিক ৰহমান, ভবেন বৰুৱা, সেৱাব্ৰত বৰুৱা, ড° ভৱেন্দ্ৰ নাথ শইকীয়া, ৰেবা ফুকন, জুৰি শৰ্মা, ধৰণী বৰ্মন, মক্তিৱ আলি, কৃষ্ণ নাথ, এম হুচেইন আদি বৰেণ্য নাট্যকাৰসকলৰ সান্নিধ্য লাভ কৰে আৰু অৰ্ধশতাধিক কালজয়ী নাটকত অভিনয় কৰে । কিন্তু কালকৰ’নাৰ ভয়াবহ পৰিস্থিতিত ২০১৯ বৰ্ষত উপায়ন্তৰ হৈ শিল্পীগৰাকীয়ে জীয়াই থকাৰ তাড়নাত ঘৰতে দোকান দি পৰিয়ালক পোহপাল দিয়ে ।

শিল্পীগৰাকীৰ এনে দুখময় জীৱন সংগ্ৰামে শেহতীয়াভাৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এগৰাকী শিল্পীৰ এনে দুৰৱস্থা হোৱাত স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে সাংস্কৃতিক মহল । ভাগৱতীয়ে শিল্পী পেঞ্চনৰ বাবে কে’বাবাৰো আবেদন কৰিও সুফল পোৱা নাই । এই আৰ্থিক অনাটনৰ সময়ত শিল্পী পেঞ্চনটো পালেও কিছু সকাহ পালেহেঁতেন । সেয়ে স্থানীয় দল-সংগঠনে অভিনেতা সুৰেশ ভাগৱতীক শিল্পী পেঞ্চন দিবলৈ ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগক আহ্বান জনাইছে ।

Exit mobile version