চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইনক লৈ প্ৰশ্ন ছিগনেলৰ

116544242 signalmessagingapp

স্পাইৱেৰ পেগাছাছৰ দ্বাৰা স্মাৰ্টফোন টেপিং প্ৰসংগত মোদী চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন হৈছে । তেনে সময়তে চৰকাৰৰ নতুন তথ্য প্ৰযুক্তি আইনক লৈ প্ৰশ্ন কৰিছে বাৰ্তা-এপ্ ছিগনেলে । এটা টুইটত তেওঁলোকে লিখে, ‘এনে লাগিছে, ভাৰত চৰকাৰে বিৰোধী ৰাজনৈতিক নেতা, সাংবাদিক আৰু সমাজকৰ্মীসকলৰ ওপৰত গোপনে দৃষ্টি ৰাখিছে । লক্ষ্যণীয় যে, চৰকাৰে সম্প্ৰতি এনক্ৰিপছনক দুৰ্বল কৰিবৰ বাবে আইনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গৈছে ।’ টুইটৰ লগত এটা বাতৰিৰ লিংকো সংযুক্ত কৰিছে ছিগনেলে । বাতৰিটোৰ শিৰোনাম, ‘নৰেন্দ্ৰ মোদী চৰকাৰৰ দৃষ্টি নিক্ষেপৰ সম্ভাৱনীয় লক্ষ্য কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী ।’

ভাৰতত নতুনকৈ প্ৰৱৰ্তন হোৱা তথ্য প্ৰযুক্তি আইন অনুসৰি, চৰকাৰে বিচাৰিলে কোনো বাৰ্তাৰ উৎস জনাবলৈ বাধ্য সামাজিক মাধ্যম আৰু বাৰ্তা-এপৰ সংস্থাবোৰ । হোৱাটছ‌এপ্, ছিগনেলৰ দৰে এপত বাৰ্তাক সংকেতত পৰিণত কৰা (এনক্ৰিপছন) হয়, যাতে প্ৰেৰক আৰু প্ৰাপকৰ বাহিৰে অন্য কোনো লোকে তাৰ বিষয়বস্তু চাব নোৱাৰে । বাৰ্তাৰ উৎস জনাবলৈ, এই এনক্ৰিপছনৰ মাত্ৰা শিথিল কৰিব লাগিব । যাক লৈ আগৰ পৰাই আপত্তি দৰ্শাই আহিছে সামাজিক মাধ্যম আৰু বাৰ্তা-এপৰ প্লেটফৰ্মবোৰে । হোৱাটছ‌এপে এই নীতিৰ বৈধতাক প্ৰত্যাহ্বান জনাইছে দিল্লী উচ্চ ন্যায়ালয়ত ।

অৱশ্যে, পেগাছাছ প্ৰসংগত উদ্বিগ্ন হোৱাটছ‌এপো । কাৰণ, অভিযোগ, ইজৰাইলী সংস্থা এন‌এছ‌অ’ৰ দ্বাৰা প্ৰস্তুত কৰা পেগাছাছ হোৱাটছ‌এপৰ জৰিয়তে বিপুল সংখ্যক ফোনত সোমাই পৰিছে । ব্যৱহাৰকাৰীৰ সংখ্যাত আৰু বাণিজ্যত হোৱাটছ‌এপতকৈ পিছ পৰি থকা ছিগনেলে এই সময়ছোৱাকে সোণালী সুযোগ হিচাপে গ্ৰহণ কৰিব বিচাৰিছে ।

প্ৰতিযোগী হোৱাটছ‌এপ্ চিন্তিত হৈ থকাৰ সময়তে, ছিগনেলে এই বাৰ্তা দিব বিচাৰিছে যে তেওঁলোকে গ্ৰাহকৰ বাৰ্তা অধিক সুৰক্ষিত কৰি ৰাখে । দ্বিতীয় বাৰ্তা হৈছে, তেওঁলোকেও বাৰ্তাৰ গোপনীয়তাক সৰ্বাধিক গুৰুত্ব দিয়ে আৰু এনক্ৰিপছনৰ মাত্ৰা শিথিল বা দুৰ্বল কৰিব নিবিচাৰে । সেয়ে চৰকাৰৰ তথ্য প্ৰযুক্তি বিধি আৰু প্ৰস্তাৱিত আইনৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তেওঁলোক ।

Exit mobile version