আফগানিস্তান সীমান্তত সেনা মোতায়েন পাকিস্তানৰ, শংকাত কাবুল

59e76c124095c

সীমান্ত ৰক্ষাৰ দায়িত্বপ্ৰাপ্ত অৰ্ধ সেনা প্ৰত্যাহাৰ কৰি আফগান সীমান্তৰ সমান্তৰালকৈ সেনাবাহিনী মোতায়েন কৰিলে ইমৰান খান চৰকাৰে । শনিবাৰে পাক আভ্যন্তৰীণ বিষয়ক (গৃহমন্ত্ৰী) মন্ত্ৰী শেখ ৰছিদ আহমেদে এই কথা জনায় । তেওঁ কয়, ‘আফগানিস্তান চৰকাৰ আৰু তালিবানৰ সংঘৰ্ষৰ ফলত সীমান্তত ক্ৰমান্বয়ে উত্তেজনা বৃদ্ধি পাইছে । এনে পৰিস্থিতিত ফ্ৰণ্টিয়াৰ কনষ্টেবুলেৰী বাহিনীক প্ৰত্যাহাৰ কৰি কিছু সীমান্ত চৌকিৰ দায়িত্ব সেনাক দিয়া হৈছে ।’

আফগানিস্তানত নতুনকৈ সৃষ্টি হোৱা গৃহযুদ্ধৰ ফলত সীমান্ত পাৰ হৈ বহু শৰণাৰ্থী পাকিস্তানত আশ্ৰয় লৈছে বুলি জনায় মন্ত্ৰী ৰছিদে । আমেৰিকাই সেনা প্ৰত্যাহাৰ আৰম্ভ কৰাৰ পাছৰ পৰাই সমগ্ৰ আফগানিস্তানত সক্ৰিয়তা বৃদ্ধি পাইছে তালিবানৰ । ইতিমধ্যে ইৰাণ সীমান্তৱৰ্তী ইছলাম কালা আৰু তুৰ্কমেনিস্তান সীমান্তৰ ট’ৰঘুণ্ডি চহৰ দখল কৰিছে তেওঁলোকে । চলিত সপ্তাহৰ আৰম্ভণিতে বালুচিস্তান প্ৰদেশৰ স্পিন বল্ডোক চহৰো তালিবানে দাখিল কৰিছে । কিন্তু কন্দহৰ প্ৰদেশৰ সেই চহৰ পূৰ্ণদখলৰ লক্ষ্যৰে নতুন অভিযানত নামিছে পাক সেনা ।

ইছলামাবাদৰ তৰফৰ পৰা সীমান্তত স্থিতিশীলতা অটুট ৰখাৰ যুক্তি দিয়া হয় যদিও আফগানিস্তানৰ সংবাদ মাধ্যমে মানি নলয় । তেওঁলোকৰ অভিযোগ, তালিবান সন্ত্ৰাসবাদীসকলক সহায় কৰাৰ উদ্দেশ্যেই খাইবাৰপাখটুনখোৱা আৰু বালুচিস্তান সীমান্তত সমান্তৰালভাৱে অৱস্থান লৈছে পাক সেনাই । প্ৰসংগত, আফগান ৰাষ্ট্ৰপতি আছৰফ গনিয়েও সম্প্ৰতি তালিবানক সহায় কৰাৰ অভিযোগ কৰিছে ।

Exit mobile version