কোমোৰাৰো আছে ঔষধি গুণ, জানো আহক সেই সমূহ কি কি ?

raw winter melon

★কোমোৰা নিয়মীয়াকৈ বহুমূত্ৰ ৰোগীয়ে খাব পাৰে। উচ্চ ৰক্তচাপ হ্ৰাস কৰাতো কোমোৰাৰ অৰিহণা উল্লেখযোগ্য।

★কোমোৰাই কৌষ্ঠকাঠিন্য দূৰ কৰাতো সহায় কৰে।

★ওজন হ্ৰাস কৰা, হজমী শক্তি প্ৰদান কৰা, হৃদযন্ত্ৰৰ সমস্য দূৰ কৰাতো কোমোৰা অপৰিহাৰ্য পাচলি।

★চাইনাচাইট্ৰিছ, এজমা, ব্ৰংকাইটিছ, পানী লগা আদি অসুখবোৰ হোৱাত বাধা দিব পৰা শক্তি আছে কোমোৰাৰ।

★কিডনী সম্বন্ধীয়, প্ৰস্ৰাৱজনিত সমস্যা প্ৰতিৰোধ কৰে। কোমোৰা সকলো লোকে খোৱাৰ বাবে উপযুক্ত।

★পেট খোলোচা, প্ৰস্ৰাৱ পৰিষ্কাৰ আৰু শৌচ স্বাভাৱিক অৱস্থালৈ আনিবলৈ ১৫ চামুচ কোমোৰাৰ ৰসৰ স’তে সম পৰিমাণৰ গৰম গাখীৰ মিহলাই দিনত তিনি-চাৰি দিন খালেই সুফল পোৱা যায়।

★ ৰক্তপিত্ত হোৱা ৰোগীয়ে যদি দহ চামুচ কোমোৰা ৰসৰ সৈতে এক চামুচ চেনি মিহলাই দিনে এবাৰকৈ খায়, তেন্তে ৰক্তপিত্ত ৰোগৰ পৰা কিছু উপশম পোৱা যায়।

★পেট বিষালে কোমোৰাৰ সাহ দুশ গ্রাম পুৰি তাৰ ছাই পানীৰ স’তে মিহলাই খালে উপকাৰ পাব পাৰি।

★ কোমোৰা গুটিয়ে কৃমি নাশ কৰে।

★ কোনো লোকৰ অৰুচি, মূৰ্ছা, মৃগীৰোগ, পাথৰ ৰোগ, স্মৰণ শক্তি হ্রাস, স্নায়ু দুর্বলতা আদি ৰোগত কোমোৰাক পথ্যৰূপে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

★নিদ্রাহীন লোকৰ বাবে আৰু মূৰ কামোৰণি দূৰ কৰাৰ বাবে কোমোৰা উপকাৰী খাদ্য। ই বহুমূত্ৰ ৰোগৰ বাবেও উপকাৰী।

★সাধাৰণতে আমাৰ জ্বৰ হ’লে কোমোৰা আৰু তাৰ বাকলি পিহি দহ চামুচকৈ দিনে দুবাৰ খালে আৰু মূৰত ভৰণ দিলে জ্বৰৰ পৰা উপশম পাব পাৰি।

★কোমোৰাই কোনো ধৰণৰ বিষ, পক্ষাঘাত, কাহ, পানীলগা আৰু অন্যান্য শ্বাস-প্রশ্বাস ৰোগ নাশৰ বাবেও উপকাৰী।

★৻কোনো লোকে কীটনাশক ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা শাক-পাচলি খায় বা মদ্যপান কৰি বিষক্রিয়া হ’লে কোমোৰাৰ একাপ ৰস খুৱালে এই বিষক্ৰিয়াৰ পৰা উপশম পাব পাৰি।

Exit mobile version