বিশ্বৰ আন কে’বাখনো দেশৰ শীৰ্ষ নেতাৰ লগতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ ফোনো পেগাছাছ স্পাইৱেৰৰ জৰিয়তে নিৰীক্ষণত ৰখা হৈছিল ।
এই তথ্য পোহৰলৈ অহাৰ পাছত পাকিস্তানে পেগাছাছৰ জৰিয়তে পাক প্ৰধানমন্ত্ৰীৰ ম’বাইল ফোনত চোৰাংচোৱাগিৰি কৰাৰ বাবে জগৰীয়া কৰিলে ভাৰতক ।
পেগাছাছ স্পাইৱেৰৰ জৰিয়তে ভাৰতে ইমৰানৰ ফোন চোৰাংচোৱাৰ নজৰত ৰাখিছিল বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ই পাকিস্তানে এই ঘটনাৰ তদন্ত চলাবলৈ ৰাষ্ট্ৰসংঘক দাবী জনালে ।
ভাৰতে পাকিস্তানৰ এনে অভিযোগ অস্বীকাৰ কৰি ভাৰতৰ গণতন্ত্ৰক বদনাম কৰিবলৈ ইমৰান খানৰ চৰকাৰে অপচেষ্টা চলোৱা বুলি অভিযোগ কৰিছে ।