নিজকে সুস্থ সৱল কৰি ৰাখিবলৈ কিছুমান উপায়

image 3

★ প্ৰটিন জাতীয় খাদ্য বেছিকৈ খাব। যেনে – গাখীৰ, দৈ , বিন জাতীয় সকলো খাদ্য ,ৰঙালাওৰ গুটি, তিল, মাছ , মাংস আদি ৷ এই এটা কথা লক্ষ্য ৰাখিব তেলতীয়া মাছ আৰু অতিৰক্ত মাংস খোৱাও বেয়া৷ শৰীৰৰ ওজন হিচাপে খাব৷ খাব লাগে বাবে সদায় খাই থকা ভাল নহয়৷ তেলতীয়া মাছ আৰু মাংস পৰিহাৰ কৰিব৷ কেতিয়াবা খালে ফেট বাৰ্ণ কৰিবলৈ ব্যায়াম কৰিব ৷

★ ফাইবাৰ (আহ জাতীয়) খাদ্য বেছিকৈ খাব৷ যেনে- ওটত,ৰঙালাওৰ গুটি, মিঠা আলু,আলমণ্ড,স্উজীয়া পাচলি, ব্ৰাউন ৰাইজ, তিচি গুটি, শুকান গুটি, কমলা, আপেল, গাজৰ, বিন আদি খাব খাব লাগিব ৷

★ পাৰিলে দিনত দুটাৰ পৰা চাৰিটাকৈ খেজুৰ খাব, খেজুৰত সকলো ধৰণৰ ভিটামিন থাকে ৷

★ যদি আপুনি শকত তেনেহলে প্ৰতিদিনে পুৱা খালি পেটতে এগিলাচ কুহুমীয়া পানীত এফাল নেমুৰ ৰস আৰু এক চামুচ মৌ মিহলাই খাব।

★ শৰীৰত বিষ বেদনা থাকিলে ৰাতিপুৱা খালী পেটতে এগিলাচ কুহুমীয়া পানীত এচামুচ মৌ মিলাই লৈ নিয়মীয়াকৈ এচামুচ কালাজিৰা বা মেথিৰে খাব৷

★পুৱা অহাৰ : আহাৰত খোৱা চাহ বা কফি কাপত চেনি নিদিয়াকৈ মৌজল দি খাওক।লগত মাখন বা জেলী নলগোৱা এটুকুৰা লোফ, সিজোৱা কণী খাব পাৰে নাইবা ফাইবাৰ যুক্ত খাদ্য খাব পাৰে ৷ আদা , তুলসী পাত,লং,দালচেনি,তেজপাত, কালিমিৰ্চ আদিৰে চাহ খাব পাৰিলে বেমাৰ আজাৰৰ পৰা সুৰক্ষা পাব৷ চাহত নেমু দিয়া চাহ খাব পাৰে ই হজম শক্তি বঢ়াই লগতে মেদবা চৰ্বি কমোৱাত সহায় কৰে।গাখীৰ খালেও সৰবিহীন গাখীৰ খাব।

★কিছুমানৰ পুৱা চাহ : জলপান খোৱাৰ সময়ত ফলমূলহে খোৱাৰ অভ্যাস আছে। তেওঁলোকে বতৰত ওলোৱা যিকোনো সজীৱ ফল খাব, যেনে – কমলা, আপেল, ৰবাবটেঙা, পকা অমিতা, মধুৰী, আনাৰস, আটলচ,আঙুৰ আদি। আম খালে কমকৈ খাব, ই মেদ বঢ়ায়।

★ দুপৰীয়াৰ আহাৰত ভাতৰ লগত পাতলকৈ ৰন্ধা মাছ বা মাংসৰ আঞ্জা (তেল,মচলা কমকৈ দিয়া) অলপ সিজোৱা পাচলি, দুচামুচমান দাইল খাব ৷ প্ৰতিদিনে কিছু সেউজীয়া আৰু কেঁচা শাক-পাচলি চালাড কৰি যেনে – বিলাহী, তিয়ঁহ, পালেং, গাজৰ, লেটুচ আদি খোৱা উচিত । দৈ খোৱা অভ্যাস থাকিলে খাব ৷

Exit mobile version