পতাকা উত্তোলন কৰিব দিয়া নহ’ব কোনো মন্ত্ৰীকে, ১৫ আগষ্টত কৃষকসকলৰ ট্ৰেক্টৰ সমদলৰ হুংকাৰ হাৰিয়ানাত

14bal1 articleLarge

সংসদত বৰ্ষাকালীন অধিবেশন আৰম্ভ হোৱাৰে পৰা কৃষকসকলে পুনৰ প্ৰতিবাদ কৰিছে । স্বাধীনতা দিৱসত এইবাৰ পুনৰ ট্ৰেক্টৰ সমদলৰ ঘোষণা কৰিলে হাৰিয়ানাৰ কৃষকসকলে । হাৰিয়ানাৰ জিন্দ জিলাত‌ হ’ব এই সমদল । কৃষকসকলৰ দাবী, স্বাধীনতা দিৱসত তেওঁলোকে কোনো মন্ত্ৰীকে জাতীয় পতাকা উত্তোলন কৰিব নিদিয়ে ।

কৃষকসকলে জনায় যে, ট্ৰেক্টৰ, ট্ৰলি আৰু অন্যান্য কৃষি সংক্ৰান্ত উপকৰণ লৈ সমদল ওলিয়াব তেওঁলোকে । জিন্দৰ খাটকৰ টোল প্লাজাৰ পৰা আৰম্ভ কৰি চহৰৰ দিশে আগবাঢ়িব সমদল । লগতে কয় যে, এটা নিৰ্দিষ্ট পথতে আগবাঢ়িব তেওঁলোকৰ সমদল । কিন্তু প্ৰয়োজন হ’লে পথ সলনি কৰিব পাৰে তেওঁলোকে । তেওঁলোকে সতৰ্ক কৰে যে, কোনো মন্ত্ৰীকে জাতীয় পতাকা উত্তোলন কৰিব দিয়া নহ’ব ।

কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে বিগত বৰ্ষৰ পৰাই আন্দোলন কৰি আছে কৃষকসকলে । প্ৰথমে দিল্লী সীমান্তত অৱস্থান বিক্ষোভ আৰম্ভ কৰে পঞ্জাৱ, হাৰিয়ানাসহ কেইবাখনমান ৰাজ্যৰ কৃষকে । বিৰোধী দলসমূহে কৃষকসকলক সমৰ্থন কৰে । কেন্দ্ৰ‌ই বহুবাৰ জনায় যে, তেওঁলোক কৃষকসকলৰ স’তে আলোচনা কৰিবলৈ প্ৰস্তুত, কিন্তু নতুন কৃষি আইন বাতিলৰ দাবীত অটল থাকে কৃষকসকল । ফলত আলোচনা হয় যদিও কোনো সমাধান নোলায় ।

চলিত বৰ্ষৰ গণৰাজ্য দিৱসত দিল্লীত ট্ৰেক্টৰ সমদল কৰিছিল কৃষকসকলে । সেই সমদলত ৰাজধানীৰ ৰাজপথ ৰক্তাক্ত হৈ পৰিছিল । এইবাৰ স্বাধীনতা দিৱসত পুনৰ ট্ৰেক্টৰ সমদল ঘোষণা কৰিছে তেওঁলোকে ।

Exit mobile version