মানসিক চিন্তা, বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা, অনিদ্ৰা, এচিডিটিক দিয়ক বিদায়

blog new size 1

এই সমূহ ৰোগৰ কাৰণ

অত্যাধিক পৰিমাণে জ্বলা, টেঙা, ভজা-পোৰা,মচলাযুক্ত আহাৰ, অপুষ্টিকৰ আহাৰ, পচা , ফাষ্ট ফুড, চালানী মাছ, ভেজাল খাদ্যৰ উপৰিও অসময়ত আহাৰৰ খোৱা। মদ্যপান, ধূমপান, গুটকা,খৈনী, জৰ্দাপান, চাহ ,কফি বেছিকৈ খোৱা। বিষনাশক ঔষধ, আইৰণ টনিক ব্যৱহাৰ। প্ৰচুৰ পৰিমাণে পানী নোখোৱা, মানসিক চিন্তা, অনিদ্ৰা, ভয়-সঙ্কোচ, বদহজম, গ্ৰহণী, অতিসাৰ, যকৃতৰোগ আদিৰ কাৰণে অম্লপিত্ত হয়।

উল্লেখিত কাৰণত পাকস্থলীত থকা শ্লেষ্মিক কলা সঘনাই উত্তেজিত হোৱাৰ বাবেই অতিৰিক্ত পৰিমাণে হাইড্ৰক্লৰিক এচিড আৰু পেপচিন (অম্লৰস) নি:সৰণ হয়। এইদৰে অতিৰিক্ত পৰিমাণে নি:সৰিত হোৱা অম্লৰসৰ কাৰণে অম্লপিত্ত ৰোগ উৎপন্ন হয়। অম্লপিত্ত ৰোগ দুই প্ৰকাৰৰ – (১) তীব্ৰ অম্লপিত্ত আৰু (২) সঞ্চিত অম্লপিত্ত ।

ইয়াৰ সাধাৰণ লক্ষণসমূহ

আহাৰ খোৱাৰ প্ৰতি অনিচ্ছা, অজীৰ্ণতা, ওকালি, বমি আদি লক্ষণ সমূহ দিনৰ সকলো সময়তে হয় যদিও পূৱাবেলা অধিক প্ৰৱলতা দেখা যায়। পাকস্থলীত অহৰহ ভৰতা অনুভৱ হয়, ওপৰ পেটৰ বিষ সদায় থাকে যদিও কেতিয়াবা হঠাতে বেছি হয়। সঘনাই পিয়াহ লগাই, হাত-ভৰিত পোৰণি উঠে।

একেৰাহে বহুত দিন ৰোগাক্ৰান্ত হৈ থাকিলে পূষ্টিহীনতা আৰু ৰক্তহীনতাৰ কাৰণে শৰীৰ দূৰ্বল আৰু অৱশ হয়। সঠিক সময়ত চিকিৎসা নকৰিলে ৰোগীৰ অন্নদ্ৰৱ শূলৰ উপৰিও আনুসংগিক উপসৰ্গ হোৱাৰ সম্ভাৱনা থাকে।

সদায় ৰাতিপুৱা উঠি ভালদৰে হাত-মুখ ধূই একলিটাৰ কুহুমীয়া গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। কুহুমীয়া গৰম পানী খালে পাকস্থলীত সঞ্চিত হৈ থকা অতিৰিক্ত অম্লৰস আৰু বদহজম আহাৰ অন্ত্ৰলৈ সঞ্চালন হৈ শৌচৰ লগত বাহিৰ হয়। সেয়েহে কুহুমীয়া গৰমপানী খোৱাৰ ফলত পাকস্থলী আৰু অন্ত্ৰ পৰিস্কাৰহয় বাবে গেষ্ট্ৰিক হোৱাৰ সম্ভাৱনা নাথাকে। কেৱল কুহুমীয়া গৰমপানী খাই অম্লপিত্ত সম্পূৰ্ণ নিৰাময় কৰিব পাৰি।

তাৰোপৰি কুহুমীয়া গৰমপানী খালে যকৃত, কিডনী , অগ্নাশয় , থায়ৰইড আদি গ্ৰন্থি অধিক সক্ৰিয় হয়। হজম শক্তি বৃদ্ধি পায় আৰু বিপাক ভালদৰে হয়। শৌচ-পেচাব নিয়মীয়া হোৱাৰ উপৰিও শৰীৰ শোধন হয়। সেয়েহে নিৰোগী আৰু সুস্বাস্থ্যৰ অধিকাৰী হৈ দীৰ্ঘায়ু প্ৰাপ্তিৰ বাবে সদায় ৰাতিপুৱা কুহুমীয়া গৰমপানী কমেও এক লিটাৰ খাওক।

আহাৰ খোৱাৰ আধাঘন্টাৰ আগতে আৰু এঘন্টাৰ পাছত পানী খালে আহাৰ ভালদৰে হজম হয় বাবে গেষ্ট্ৰিক ৰোগ হোৱাৰ সম্ভাৱনা নাথাকে। কোনোবা ব্যক্তি ৰোগাক্ৰান্ত হৈ থাকিলেও সোনকালে আৰোগ্য হয়। আহাৰ খোৱাৰ পাছত পিত্তৰস আহাৰৰ স’তে ভালদৰে মিহলি হলেহে সহজেই হজম হয়। কিন্তু আহাৰ খোৱাৰ পাছত পানী খালে পিত্তৰসৰ গাঢ়তা কমি যায় বাবে সঠিক ভাৱে আহাৰ পৰিপাক হব নোৱাৰে। ইয়াৰ ফলত বদহজম হৈ এচিডিটি হয়।

আমি আহাৰ খোৱাৰ পাছত কমেও এঘন্টা বাওঁকাতিহৈ শুৱা উচিত। বাওঁকাতিহৈ শুলে পাকস্থলীত থকা খাদ্যৰ লগত অম্লৰস (হাইড্ৰোক্লৰিক এচিড আৰু পেপচিন) ভালকৈ মিহলি হয়। তাৰোপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা অম্লৰস খাদ্যনলীত প্ৰবেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হব নোৱাৰে গেষ্ট্ৰিক থকা ব্যক্তিয়ে সদায় বাওঁকাতিকৈ শুৱা উচিত।

অম্লপিত্তত আক্ৰান্ত ব্যক্তিয়ে সপ্তাহত এদিন উপবাস কৰিব। উপবাস কৰিলে পাচন প্ৰক্ৰিয়াকে আদি কৰি শৰীৰ শোধন হয় বাবে সকলো অঙ্গ-প্ৰত্যঙ্গ অধিক সক্ৰিয় হৈ উঠে। উপবাস কৰিলে যিকোনো ৰোগ সহজে হব নোৱাৰে।

অম্লপিত্তৰ কাৰণে পদিনা বৰ উপকাৰী। পদিনা খালে বদহজম, বুকু জ্বলাপোৰা কৰা, পেটফুলা আৰু টেঙাপানী অহা নিমিষতে নাইকিয়া হয়‌।

অম্লপিত্তৰ বাবে মানিমুণি বৰ উপকাৰী। ৰাতিপুৱা সদায় মানিমুণি পাত আঠ/দহ টামান চোবাই খালে অম্লপিত্ত ভাল হয় । তাৰোপৰি মানিমুণি খালে স্মৃতিশক্তি বৃদ্ধি হোৱাৰ উপৰিও ভাল টোপনি হয় বাবে উচ্চ ৰক্তচাপ আৰু হৃদৰোগ নিয়ন্ত্ৰণ হয়।

ভাত খোৱাৰ আগমূহুৰ্ত্তত এটুকুৰা আদা ক’লা নিমখৰ স’তে খালে হজম শক্তি বৃদ্ধি হয় বাবে অম্লপিত্ত হোৱাৰ সম্ভাৱনা নাথাকে।

অম্লপিত্ত ৰোগীয়ে টোপনি খতি নকৰিব । খং, ৰাগ, মানসিক চিন্তা আদিৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।

Exit mobile version