জানি লওক কিডনী সুস্থ সবল কৰি ৰখাৰ কেটামান উপায়

facts about kidney health

★ জধেমধে বিষনাশক ঔষধ নাখাব। বিষনাশক ঔষধে কিডনী ক্ষতিসাধন কৰে। ফাৰ্মাছীৰ ঔষধ বিক্ৰেতাৰ পৰামৰ্শ অনুসৰি ঔষধ নাখাব

★ চালানী মাছ ফৰ্মেলডিহাইদ দি সং‌ৰক্ষন কৰা হয়। সেয়েহে চালানী মাছ খালে কিডনীৰ অপকাৰ হোৱাৰ উপৰিও কেঞ্চাৰ পৰ্যন্ত হয়।

★ বিলাহী , ফুলকবি, উৰহি, বেঙেনা আদি পাচলিত বহুত বেছি ৰাসায়নিক সাৰ আৰু কীটনাশক ব্যৱহাৰ কৰে‌ । এই ধৰণৰ পাচলি খালে কিডনীৰ ক্ষতি হয় । অৱশ্যে নিমখ পানীত কে’বাঘন্টা ডুবাই ৰাখি খালে অপকাৰ কমকৈ হয় ।ৰঙালাও বহুতৰ প্ৰিয় পাচলি , সেইবুলি সদায় ৰঙালাও নাখাব। ৰঙালাওত পিউৰিণ নামৰ এবিধ পদাৰ্থ থাকে আৰু তেজত পিউৰিণ মাত্ৰা বাঢ়িলে কিডনিৰ ক্ষতি কৰে।

★ চীনা বাদাম, ক’লা আঙুৰ , বীট, তিয়হ , পালেঙ শাকত কেলচিয়াম থাকে বাবে বেছিকৈ নাখাব‌ । ৰঙালাওত পিউৰিণৰ পৰিমাণ বেছি থাকে বাবে কমকৈ খাব , অন্যথা পিউৰিণৰ কাৰণে বাতৰক্ত বা গাউট নামৰ বিষ বেমাৰৰ উপৰিও কিডনী ৰোগ হব

★ গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত খাদ্যত কেলচিয়াম বেছিকৈ থকা বা বাবে কমকৈ খাব। অন্যথা কিডনী ষ্টন হোৱাৰ সম্ভাৱনা‌

★ আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ প্ৰয়োগ কৰা খাদ্যৰ বাবেও কিডনীৰ বিভিন্ন ৰোগ হয়।

★ ডায়েবেটিচ, তেজত ইউৰিক এচিড বঢ়া আদি ৰোগত কিডনী আক্ৰান্ত হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে মাজে সময়ে ইউৰিক এচিড , ব্লাড চুগাৰ , ইউৰীয়া , ক্ৰিয়েটিনিন আদি পৰীক্ষা কৰি যদি ব্যতিক্ৰম দেখা পাই তেন্তে চিকিৎসা গ্ৰহন কৰা উচিত।

★তেতেলি খালে তেজত থকা বিষাক্ত পদাৰ্থ পেচাবৰ লগত বাহিৰ হয় আৰু কিডনীক সুৰক্ষিত কৰি ৰাখে ‌। তেতেলিত টাৰটাৰিক এচিড থাকে‌।

★ কলত যথেষ্ট পৰিমাণে ভিটামিন বি-কমপ্লেক্স থাকে। ই তেজত থকা অতিৰিক্ত কেলচিয়াম, মেগনেছিয়াম, ফচফেট, অক্জেলেট পেচাবৰ সৈতে বাহিৰ কৰি কিডনী সুৰক্ষিত কৰি ৰাখে ।

★ পনৌনোৱা শাকৰ আঞ্জা খালে যিকোনো ধৰণৰ কিডনী ৰোগ হব নোৱাৰে।

★ পূনৰ্ণৱাৰ ৰস , ভাজী বা তৰ্কাৰী খালে কিডনী ৰোগ সহজে হব নোৱাৰে।

★ দূপৰটেঙা পাতৰ ৰস দুচামুচৰ লগত অলপ মিছিৰি মিহলাই দিনে তিনিবাৰ খালে সকলো প্ৰকাৰ কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় । তাৰোপৰি আন কিডনী ৰোগ সমূহ ভাল হয়।

★ এক কেজি বৰুণ গছৰ বাকলি চাৰি-পাছ লিটাৰ পানীত সিজাব । পানীৰ পৰিমাণ এক-ডেৰ লিটাৰ থকা অৱস্থাত নমাই ঠাণ্ডা হবলৈ দিব ।পাছত ভালদৰে ছেকি পানীখিনি ৰাখিব। ইয়াক ক্বাথ বোলা হয় । এই বৰুণৰ ক্বাথ চাৰি চামুচকৈ দিনে তিনিবাৰ খালে কিডনী ষ্টন বাহিৰ হোৱাৰ উপৰিও সকলো প্ৰকাৰৰ কিডনী ৰোগ ভাল হয় ।

★ মূলাপাতৰ ৰস খালে কিডনী ষ্টন পেচাবৰ লগত বাহিৰ হয় । সেয়েহে মূলাপাত খাব পাৰি।

Exit mobile version