বেঁকীৰ খহনীয়া অঞ্চল পৰিদৰ্শন আছুৰ কেন্দ্ৰীয় নেতৃত্বৰ

বেঁকী নৈক অভিশাপ নহয় ৰাইজৰ আশীৰ্বাদ হিচাপে গঢ়ি তোলাৰ দাবী

WhatsApp Image 2021 07 26 at 6.10.35 PM

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ অহা বেঁকী নৈয়ে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বৰপেটা ৰোড সংযোগী পথৰ কাষেৰে ঠায়ে ঠায়ে তীব্ৰ খহনীয়াৰ সৃষ্টি কৰিছে ৷

ঠায়ে ঠায়ে মানাহ ৰোডৰ লগতে ইখনৰ পাছত সিখনকৈ অনুষ্ঠান-প্ৰতিষ্ঠান ধ্বংস কৰি গৈছে ৷ এইবেলিও বেঁকী নৈয়ে গোৱৰ্দ্ধনাৰ শতিকা গৰকা শ্ৰীশ্ৰী শংকৰ-মাধৱ সত্ৰখনৰ কাষত অৱস্থান কৰিছে ৷

শালবাৰীৰ কালপানীৰ সমীপৰ বিশপানীত এলটপাৰা প্ৰাথমিক বিদ্যালয়খনৰ অধিকাংশ খহাই নিছে খহনীয়াই ৷ চৰকাৰীভাবে প্ৰাদেশীকৃত বিদ্যালয়খন খহাই নিয়াৰ বাবে অঞ্চলজোৰা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷

সংবাদ মাধ্যমত সবিস্তাৰে ইতিপূৰ্বে বাতৰি প্ৰকাশ পাইছিল যদিও চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল৷ তাৰ মাজতে আজি সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা কৃষ্ণ কান্ত দাসৰ নেতৃত্বত এটা সজাতি দলে পৰিদৰ্শন কৰে বেঁকীৰ খহনীয়াগ্ৰস্ত অঞ্চল ৷

বেঁকীৰ খহনীয়া পৰিদৰ্শন কালত সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি ছাত্ৰ নেতা কৃষ্ণকান্ত দাসে কয় যে ,বৰপেটাৰোডৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈকে হৈ থকা বেঁকী নৈৰ খহনীয়া অতি সোনকালে বিভাগীয় মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিৰোধ কৰিব লাগে ৷

তেওঁ কয়, মনত সদ ইচ্ছা থাকিলে বেঁকী নৈৰ খহনীয়া ৰোধ কৰাটো চৰকাৰৰ পক্ষে একোৱে নহয় ৷ বেঁকী নৈখন ৰাইজৰ বাবে অভিশাপ নহয় আশীৰ্বাদ হিচাপেহে গঢ়ি তুলিব লাগে ৷ হনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কালত কেন্দ্ৰীয় ছাত্ৰ নেতা জনক সংগ দিয়ে বৰপেটা জিলা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰেন্দ্ৰ মিশ্ৰ, বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ সভাপতি কুমাৰ দীপক দাস, সম্পাদক উৎপল ৰয়, জিলাৰ উপ সভাপতি অৰ্ণব জ্যোতি শৰ্মা, সহ সম্পাদক নয়ন দাস আদিয়ে ৷

Exit mobile version