শৰাইবিলত এছ এছ বিৰ উদ্যোগত সেনাত যোগদানৰ প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আয়োজন 

WhatsApp Image 2021 07 26 at 6.38.18 PM

বড়ো যুৱক-যুৱতীসকলক ভাৰতীয় সেনাত যোগদান কৰিবলৈ সহায় কৰাৰ বাবে গোসাঁইগাওঁ মহকুমাৰ শৰাইবিলত এছ এছ বিৰ উদ্যোগত প্ৰাক প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা হৈছে ।

ADVERTISEMENT

২৬ জুলাইৰ পৰা ৩১ জুলাইলৈকে অনুষ্ঠিত হোৱা ছয় দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আজি আনুষ্ঠানিক ভাবে উদ্বোধন কৰে। শৰাইবিলস্থিত ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ কোকৰাঝাৰ জিলাৰ সভাপতি কৃপেশ দৈমাৰী।

অনুষ্ঠানত উপস্থিত এছ এছ বিৰ ৩১ নম্বৰ বাহিনীৰ নিৰ্দেশক এল এন সিঙে বড়ো যুৱক যুৱতী সকলক সেনাত যোগদান সন্দৰ্ভত মূল্যবান ভাষনো প্ৰদান কৰে।

উল্লেখ্য যে সেনাত যোগদানৰ বাবে প্ৰয়োজনীয় সকলো বিষয়ে পাৰ্গত কৰি তোলাৰ বাবে প্ৰশিক্ষণৰ ব্যবস্থা কৰিছে বুলি মুখ্য নিৰ্দেশকে জানিবলৈ দিয়ে।

অনুষ্ঠানত গোসাঁইগাওঁ মহকুমাৰ আৰক্ষী বিষয়া সৌৰভ গুপ্তা, যুৱ ইউপিপিএলৰ কেন্দ্রীয় সভাপতি সোমনাথ নাৰ্জাৰীসহ স্থানীয় কে’বাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Exit mobile version