হৃদপিণ্ড সুস্থ সবল কৰি ৰখাৰ সহজ কিটিপ

heart1

★ সদায় নিয়মীয়া শাৰীৰিক পৰিশ্ৰম কৰা , ৰাতিপুৱা সোনকালে উঠি মূকলী পৰিবেশত খোজ কঢ়া , সাতোৰা অথবা দৈনিক অন্তত ১০ কিলোমিটাৰ চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তোলক । সাতোৰাৰ পাছতে দ্বিতীয় শ্ৰেষ্ঠ শাৰীৰিক ব্যায়াম হৈছে চাইকেল চলোৱা। তাৰোপৰি চাইকেল প্ৰদূষণ মুক্ত বাহন। শাৰীৰিক শ্ৰম ,সাতোৰা ,চাইকেল চলোৱাৰ সময়ত শৰীৰৰ কোষবোৰক অধিক অক্সিজেনৰ প্ৰয়োজন হয় বাবে ৰক্তসঞ্চালন আৰু শ্বাস-প্ৰশ্বাসৰ গতি বাঢ়ে । ইয়াৰ দ্বাৰা হৃদপিণ্ডৰ মাংসপেশী শক্তিশালী হৈ উঠে ।

★ সকলো ধৰণৰ ধপাত সেৱন পৰিত্যাগ কৰিব লাগিব । বিশেষকৈ জৰ্দা হৃদপিণ্ডৰ বাবে অতি ক্ষতিকাৰক। ধপাতত থকা নিকটিনে হৃদপিণ্ড , হাওফাও ৰোগ সৃষ্টিৰ উপৰিও নিদ্ৰাহীনতা আৰু কৰ্কট ৰোগৰ এটা প্ৰধান কাৰক।

 

★ ৪৫ বছৰ বয়সৰ পাছত মাংস, কণী ইত্যাদি জীৱ-জন্তুৰ পৰা উৎপাদিত প্ৰোটিন আহাৰ পৰিত্যাগ কৰিব লাগে আৰু খালেও কমকৈ খাব লাগে। শস্য প্ৰোটিন খালে অপকাৰ নহয় । ঘিউ , মাখন ,পনীৰ , বনস্পতি ঘি আদি সম্পৃক্ত তথা নাৰিকল তেল , কডলিভাৰ অইল আদি অৰ্দ্ধ সম্পৃক্ত চৰ্বিযুক্ত খাদ্য নাখাব বা খালেও কমকৈ খাব ।

★ ৰাতিপুৱাই খালী পেটত চাৰি পাঁচ ফুটা নহৰু বাকলি সহ পানীৰে গিলি খাব । ই তেজৰ অতিৰিক্ত কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। নহৰুৰ ওপৰৰ বাকলি এৰুৱাই দিয়াৰ লগেই বাকলি আৰু সাৰ অংশৰ মাজত থকা তেল বাস্পীভূত হৈ উৰি যায় । বাকলিসহ গিলি খালে ক্ষুদ্ৰান্ত্ৰত এই তেল শোষণ হয় ।

★ প্ৰতিদিনে তিনি-চাৰিটা পকা কল খাব । কলত থকা প্ৰাকৃতিক মেগনেছিয়ামে তেজৰ অতিৰিক্ত কলেষ্টেৰল নিয়ন্ত্ৰণৰ উপৰিও সিৰা-ধমনীৰ ভিতৰৰ বেৰত লাগি ধৰা কলেষ্টেৰল চাফাকৰি দিয়ে। সেয়েহে নিয়মিত কল খালে সঠিক ভাৱে ৰক্তসঞ্চালন হয় আৰু হৃদপিণ্ডৰ মাংসপেশীয়ে যথোচিত পৰিমাণে অক্সিজেন পাই শক্তিশালী হৈ থাকে।

★ প্ৰতিদিনে তিনি/চাৰি কাপ চাহ খাব ‌। প্ৰতিকাপ চাহত ১০০ মিলি গ্ৰাম এচপিৰিন থাকে আৰু ই তেজৰ গাঢ়তা নিয়ন্ত্ৰণ কৰি সঠিক ভাৱে ৰক্তসঞ্চালনত সহায় কৰে।

★ মতৰ মাহ খোৱাটো উপকাৰী । মতৰ মাহত থকা আৰ্জেনিনে হৃদপিণ্ড অধিক শক্তিশালী কৰি তোলে।

Exit mobile version