হেপাটাইটিছ ‘বি’ এইচ‌আইভিতকৈ এশ গুণ অধিক সংক্ৰামক ৰোগ

hepatitisbg758308151 1454005 860x573 1

অহা ২৮ জুলাইত বিশ্ব হেপাটাইটিছ দিৱস উপলক্ষে নৰ্থ-ইষ্ট ডাইজেষ্টিভ আৰু লিভাৰ ফাউণ্ডেছন, গুৱাহাটীয়ে কালি সপ্তাহজোৰা হেপাটাইটিছ সজাগতা কাৰ্যসূচী মুকলি কৰে । নৰ্থ-ইষ্ট ডাইজেষ্টিভ আৰু লিভাৰ ফাউণ্ডেছনৰ সম্পাদক তথা ইনষ্টিটিউট অৱ ডাইজেষ্টিভ এণ্ড লিভাৰ ডিজিজৰ জ্যেষ্ঠ গেষ্ট্ৰ’ এণ্টাৰোল’জি আৰু হেপাটাইটোলজিষ্ট ডাঃ ভৱ দেৱ গোস্বামীয়ে সজাগতা কাৰ্যসূচী মুকলি কৰি কয়, ‘সজাগতা কাৰ্যসূচীৰ অংশৰূপে আমি চিকিৎসকসকলৰ বাবে নিতৌ মেডিকেল শিক্ষাৰ কাৰ্যসূচী আৰু বিভিন্ন ঠাইত ৰাজহুৱা সজাগতা কাৰ্যসূচীৰ আয়োজন কৰিছো । বিশ্ব হেপাটাইটিছ দিৱস উদ্‌যাপনৰ উদ্দেশ্যে হেপাটাইটিছ বি, হেপাটাইটিছ চিৰ প্ৰতিৰোধ আৰু সজাগতা বৃদ্ধিৰ বাবে ‘ৰাণ ফৰ ইয়ৰ লাইফ’ নামৰ এক ৰেলীৰো আয়োজন কৰা হৈছে ।’

ডাঃ গোস্বামীয়ে কয় যে, হেপাটাইটিছৰ অৰ্থ হ’ল যকৃতৰ জ্বলন আৰু ইয়াৰ প্ৰতিক্ৰিয়া । হেপাটাইটিছৰ কাৰণ বহুতো । আমি সাধাৰণতে শুনি থকা হেপাটাইটিছ ‘এ’, ‘বি’, ‘চি’, ‘ডি’ আৰু ‘ই’ৰ ভাইৰেল সংক্ৰমণ অন্যতম । তদুপৰি অ’টো-ইমিউন হেপাটাইটিছ, ফেটি লিভাৰ হেপাটাইটিছ, মাদক দ্ৰব্য সেৱনৰ ফলত হোৱা হেপাটাইটিছ আৰু নিচাজাতীয় দ্ৰব্য গ্ৰহণৰ ফলত হোৱা হেপাটাইটিছ আদিও উল্লেখনীয় । এই সকলোবোৰ হেপাটাইটিছ ভাইৰাছৰ ভিতৰত হেপাটাইটিছ ‘বি’ আৰু ‘চি’ আটাইতকৈ বিপজ্জনক । ই স্বাস্থ্যৰ বিষয়ে গুৰুত্বৰ বিষয় বুলিও তেওঁ কয় ।

ডাঃ গোস্বামীয়ে কয় যে বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, হেপাটাইটিছ ‘বি’ ভাইৰাছ এইচ‌আই‌ভি ভাইৰাছতকৈ এশ গুণ বেছি সংক্ৰামক । এই সংক্ৰমণ ব্যক্তিৰ ৰক্ত আৰু শৰীৰৰ তৰল দ্ৰব্যৰ মাজেৰে বিস্তাৰিত হয় । ডাঃ গোস্বামীয়ে পুনৰ কয়, ‘যিসকল ব্যক্তি ভাইৰেল হেপাটাইটিছত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি তেওঁলোক হ’ল স্বাস্থ্যকৰ্মী, অধিক যৌন সংগী থকা লোক, তেজৰ সিৰাৰে ড্ৰাগছ গ্ৰহণ কৰা আৰু হেমোফেইলিয়াকচসকল । এইসকল ৰক্ত গোট মৰা কাৰক গ্ৰহণ কৰে । হেপাটাইটিছ হোৱা এক তৃতীয়াংশ লোকৰ অচিনাক্ত বা অজ্ঞাত উৎসৰ পৰা এই ৰোগ সংক্ৰমিত হয় । ইয়াৰ অৰ্থ হ’ল হেপাটাইটিছৰ দ্বাৰা সংক্ৰমিত হ’বলৈ তীব্ৰ শংকাপূৰ্ণ গোটত নাথাকিলেও হয় ।’

বিশ্বত হেপাটাইটিছৰ ফলত বছৰি ১০ লাখতকৈও অধিক লোকৰ মৃত্যু হয় । ভাৰতবৰ্ষত ৪০ লাখ লোক হেপাটাইটিছ ‘বি’ত আক্ৰান্ত । বিশ্বজুৰি আনুমানিক পাঁচ কোটিতকৈ অধিক লোক হেপাটাইটিছ ‘বি’ বা হেপাটাইটিছ ‘চি’ত আক্ৰান্ত । দীৰ্ঘদিনলৈ হেপাটাইটিছত আক্ৰান্ত হোৱা লোকৰ লিভাৰ চিৰোচিচ আৰু যকৃতৰ সংৰোপণৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল হেপাটাইটিছ । প্ৰাণৰ ভাবুকি অনা এই ৰোগৰ বিষয়ে আৰু প্ৰতিৰোধ, ৰোগ চিনাক্তকৰণ আৰু চিকিৎসাৰ বিষয়ে বিশ্বজুৰি সজাগতা বৃদ্ধিৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২৮ জুলাইৰ দিনা বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয় ।

ডাঃ গোস্বামীয়ে পুনৰ কয় যে প্ৰতি ৩০ ছেকেণ্ডত এজন ৰোগী হেপাটাইটিছ সংক্ৰান্তীয় ৰোগত মৃত্যুমুখত পৰে । ডাঃ গোস্বামীয়ে পুনৰ কয় যে হেপাটাইটিছ ‘চি’ আক্ৰান্ত লোকৰ সংখ্যা বিগত তিনি বছৰত অসমতো বৃদ্ধি পাইছে । নাগালেণ্ড, মিজোৰাম আদি ৰাজ্যত হেপাটাইটিছ ‘চি’ত আক্ৰান্ত লোকৰ সংখ্যা বেছি । তেওঁ এই ক্ষেত্ৰত ৰাইজক সজাগ হ’বলৈ আহ্বান জনাই কয় যে ৰাইজে এনে ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সজাগতা অৱলম্বন কৰা উচিত ।

যদি কোনো পৰিয়ালত এনে ভাইৰাছত আক্ৰান্ত লোক আছে তেতিয়া হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত । তদুপৰি হেপাটাইটিছ’বি’ৰ প্ৰতিষেধক সকলোৱে গ্ৰহণ কৰা উচিত । হেপাটাইটিছ ‘বি’ আৰু ‘চি’ত আক্ৰান্ত হ’লেই শংকিত হোৱাৰ কাৰণ নাই, মাথোঁ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিব লাগিব । বৰ্তমানলৈকে হেপাটাইটিছ ‘চি’ৰ প্ৰতিষেধক উপলব্ধ হোৱা নাই যদিও ইয়াৰ ঔষধৰ শ ওলাইছে । সেইবাবে অৱহেলা নকৰি সকলোৱে চিকিৎসা গ্ৰহণ কৰিবলৈ ওলাই অহা উচিত বুলি ডাঃ গোস্বামীয়ে কয় ।

Exit mobile version