আফগানিস্তানহে ত্যাগ কৰিলে মার্কিন সেনাই, যুদ্ধ নহয় : আমেৰিকাৰ হুংকাৰ

2021 07 25T184823Z 1038200161 RC2URO9SN5DT RTRMADP 3 AFGHANISTAN CONFLICT USA

আমেৰিকাই তালিবানৰ বিৰুদ্ধে যুঁজৰত আফগান।সেনাবাহিনীৰ সমৰ্থনত আকাশমার্গৰে আক্ৰমণ অব্যাহত ৰাখিব। পেন্টাগনৰ এক শীর্ষ সূত্রই এইদৰে মন্তব্য কৰি স্পষ্টভাৱে কয় যে মার্কিন সেনাই আফগানিস্তানহে ত্যাগ কৰিলে, সন্ত্রাসবিৰােধী যুঁজ ত্যাগ কৰা নাই।

ADVERTISEMENT

আমেৰিকাৰ সেনাই আফগানিস্তানৰ পৰা স্বদেশলৈ উভতি আহিলেও আমেৰিকাই তালিবান সন্ত্রাসবাদীৰ উত্থান প্রতিবােধৰ বাবে আকাশমার্গৰে আফগান সেনাৰ সমর্থনত অভিযান অব্যাহত ৰাখিব।

মার্কিন সেনাৰ বিষয়া কেনেথ মেকেঞ্জিয়ে এই কথা প্রকাশ কৰি লগতে কয় যে বিগত কে’বাদিন ধৰি আমেৰিকাই আফগান সেনাৰ সমৰ্থনত আকাশমার্গৰে তালিবানৰ ঘাটিত বৃহৎ আক্রমণ সংঘটিত কৰিছে।

তালিবানে এনে এক পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে যে তেওঁলােকৰ যুঁজত জয় হ’ল। কিন্তু এয়া সঠিক নহয়। তেওঁলােকৰ জয় হােৱা নাই। আমেৰিকাৰ সেনাই অহা ৩১ আগষ্টৰ ভিতৰত আফগানিস্তান সম্পূৰ্ণৰূপে ত্যাগ কৰাৰ পাছতত আফগান বায়ুসেনাক সকলাে ধৰণৰ সহযােগিতা প্রদান অব্যাহত ৰাখিব। আমি আফগানিস্তানহে ত্যাগ কৰিলাে, সন্ত্রাস বিৰােধী যুঁজখন ত্যাগ কৰা নাই।

Exit mobile version