জানো আহক অৰ্জুন গছৰ ঔষধি গুণ

natural organic arjun tree chaal 1577249219 5221104

★অৰ্জুন গছৰ ছাল পিহি হাড় ভঙা অংশ ভালদৰে লেপ দি এসপ্তাহমান সেই ঠাই বান্ধি ৰাখিলে হাড় জোৰা লাগে।

★এজমা ৰোগীৰ বাবে অৰ্জুন গছৰ বাকলি অতি উপকাৰী।

★গাঙটি হ’লে অৰ্জুন গছৰ গুটি মিহিকৈ পিহি গাঙটি হোৱা ঠাইত লেপ দিলে গাঙটি নোহোৱা হয়।

★হৃদপিণ্ডৰ ৰোগত অৰ্জুন গছৰ বাকলি গুড়ি কৰি খালে উপকাৰ পোৱা যায়।

★অৰ্জুন গছৰ ছাল থেতেলিয়াই গাখীৰৰ লগত সিজাই সেই মিশ্ৰণ এক-দুবাৰকৈ দিনে দুই-তিনি চামুচ খালেও হাড় ভঙাত উপকাৰ পোৱা যায়।

★ যক্ষ্মা ৰোগত অৰ্জুনৰ ছালৰ গুড়ি এচামুচৰ লগত বগা বাহক পাতৰ ৰস দুচামুচ দিনে এক-দুবাৰকৈ খালে ৰোগ নিৰাময় হোৱাত সহায় হয়।

★ৰক্তপিত্ত হ’লে অৰ্জুনৰ ছাল থেতেলিয়াই এৰাতি তিয়াই সেই পানী দুই-তিনি চামুচকৈ দিনে এক-দুবাৰকৈ খালে ভাল ফল পোৱা যায়।

★বুকু ধপধপাই থাকিলে অৰ্জুন গছৰ ছাল পাঁচ গ্ৰাম গুড়ি কৰি ছাগলীৰ গাখীৰ, চেনি, ঘিউ, মৌ সম পৰিমাণৰ লৈ দিনে এক-দুবাৰকৈ খালে আৰাম পোৱা যায়।

★ অৰ্জুন গছৰ ছালৰ ৰসেৰে কুলি কুলি কৰিলে মুখৰ ভিতৰত ছাল ছিগা বা মুখৰ ভিতৰত হোৱা ঘা ভাল হয়।

Exit mobile version