দুপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতো আক্ৰান্ত হ’ব পাৰে ডেল্টা ভেৰিয়েণ্টত, দাবী বিশেষজ্ঞসকলৰ

1140 coronavirus test

প্ৰতিষেধকৰ দুটা পালি ল’লেও ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত হ’ব পাৰে । বিশ্বৰ ১০ শীৰ্ষ ক’ভিড বিশেষজ্ঞৰ সাক্ষাৎকাৰত লাভ কৰা হৈছে এই তথ্য । বিশ্ব স্বাস্থ্য সংস্থা (হু)য়ে জনাইছে, সম্প্ৰতি বিশ্বৰ ১২৪ টা অঞ্চলত ডেল্টা ৰূপৰ সংক্ৰমণ বৃদ্ধি পাইছে । আগন্তুক কেইসপ্তাহমানৰ ভিতৰতে প্ৰায় ২০ কোটি লোক ডেল্টা ৰূপত সংক্ৰমিত হোৱাৰ শংকা প্ৰকাশ কৰিছে হু-ৱে ।

বিশেষজ্ঞসকলে জনাইছে, ভাৰতত প্ৰথম চিনাক্ত হোৱা এই ভেৰিয়েণ্টৰ আক্ৰমণত মানুহ গুৰুত্বৰ অসুস্থ হোৱাৰ লগতে ই শীঘ্ৰে ইজনৰ পৰা সিজনৰ শৰীৰত সংক্ৰমিত হয় । ফলত যেনেদৰে প্ৰতিষেধক গ্ৰহণ নকৰা লোক ভাইৰাছত দ্ৰুত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক, তেনেদৰে প্ৰতিষেধকৰ দুটা পালি সম্পূৰ্ণ কৰা লোকসকলকো ভাইৰাছত সংক্ৰমিত হোৱা দেখা গৈছে । দিনে প্ৰতিদিনে ইয়াৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছে । বিশেষজ্ঞসকলে পূৰ্বেই জনাইছিল যে, কৰ’নাৰ অন্য ভেৰিয়েণ্টবোৰৰ তুলনাত এই পৰ্যন্ত ডেল্টাই আটাইতকৈ সংক্ৰামক আৰু প্ৰাণঘাতী । ব্ৰিটেইনৰ মাইক্ৰ’বায়’লজিষ্ট ছেৰন পেককৰ মতে, ‘সম্প্ৰতি বিশ্বৰ বাবে আটাইতকৈ বেছি উদ্বেগৰ বিষয় হৈছে ডেল্টা ।’

ব্ৰিটেইনৰ সংস্থা পাব্লিক হেল্থ ইংলেণ্ডে সম্প্ৰতি জনাইছে, ব্ৰিটেইনত ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত তিনি হেজাৰ ৬৯২ জন কৰ’না ৰোগীৰ ভিতৰত ৫৮.৩ শতাংশৰ টিকাকৰণ হোৱা নাই আৰু ২২.৮ শতাংশৰ প্ৰতিষেধকৰ দুটা পালি সম্পূৰ্ণ হৈছে ।

ছিংগাপুৰতো ডেল্টা ভেৰিয়েণ্টৰ সংক্ৰমণ আটাইতকৈ বেছি । চৰকাৰী তথ্য অনুসৰি, আক্ৰান্তসকলৰ তিনি চতুৰ্থাংশ‌ই প্ৰতিষেধক গ্ৰহণ কৰিছে । ইজৰাইলৰ স্বাস্থ্য বিষয়াসকলে জনাইছে, সম্প্ৰতি ইজৰাইলত কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৬০ শতাংশই প্ৰতিষেধক গ্ৰহণ কৰিছে । আমেৰিকাত ৮৩ শতাংশই কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত । দেশখনৰ শীৰ্ষ সংক্ৰামক ৰোগ বিশেষজ্ঞ এণ্টনী ফচিয়ে জনায়, টিকাকৰণৰ হাৰ কম হোৱা অঞ্চলসমূহত ডেল্টাৰ সংক্ৰমণ বৃদ্ধি পাইছে ।

ৰাষ্ট্ৰপতি জ’ বাইডেনৰ চিকিৎসা উপদেষ্টা ফচিৰ মন্তব্য, ‘আমেৰিকাত প্ৰতিষেধক গ্ৰহণ নকৰা লোকৰ শৰীৰত কৰ’নাই অতিমাৰীৰ ৰূপ ধাৰণ কৰিছে ।’ ফ্ল’ৰিডা, টেক্সাছ, মিছৌৰিৰ দৰে প্ৰদেশবোৰত টিকাকৰণৰ হাৰ কম হোৱাৰ বাবে সংক্ৰমণ ঊৰ্ধ্বগামী । ছাৰ্জন জেনেৰেল বিবেক মূৰ্তিয়ে সম্প্ৰতি জনায়, দেশখনৰ কৰ’নাত মৃতসকলৰ ৯৯.৫ শতাংশই প্ৰতিষেধক গ্ৰহণ কৰা নাছিল ।

ইজৰাইলতো বিগত কেইমাহ ধৰি সংক্ৰমণ বৃদ্ধি পোৱাৰ অন্যতম কাৰণ ডেল্টা ষ্ট্ৰেন । চৰকাৰী তথ্য অনুসৰি, ক’ভিডত কাৰ্যকৰী ফাইজাৰ-বায়’এনটেকৰ প্ৰতিষেধক বৰ্তমান দেশখনত সংক্ৰমণ ৰোধ কৰিবলৈ মাত্ৰ ৪১ শতাংশহে কাৰ্যকৰী হৈছে । চীনৰ এক সমীক্ষা অনুযায়ী, ২০১৯ত প্ৰথম চিনাক্ত হোৱা উহান ষ্ট্ৰেনৰ তুলনাত ডেল্টা ভেৰিয়েণ্টত আক্ৰান্ত ব্যক্তিৰ নাকত এহেজাৰ গুণ বেছি ভাইৰাছ থাকে । মাইক্ৰ’বায়’লজিষ্ট ছেৰন পিককে কয়, ‘ডেল্টা আক্ৰান্তৰ ‘ভাইৰেল লোড’ বেছি হোৱাৰ বাবে সম্ভৱতঃ আনক সংক্ৰমিত কৰাৰ ক্ষমতা অধিক । এই বিষয়ত গৱেষণা অব্যাহত আছে ।’

Exit mobile version