প্রধানমন্ত্রী ইমৰান ব্যস্ত কাশ্মীৰক লৈ, কণী-মাংসৰ মূল্যবৃদ্ধিত হাহাকাৰ পাকিস্তানবাসীৰ

Opinion 1

ভাৰতৰ লগতে প্রতিবেশী দেশ পাকিস্তানতাে পেট্রল-ডিজেলৰ মূল্য প্রতিদিনে ঊর্ধ্বমুখী হৈ আহিছে। এসপ্তাহ পূর্বে পাকিস্তানত ইন্ধনৰ যথেষ্ট মূল্যবৃদ্ধি হৈছিল। ফলত দেশখনৰ বজাৰত নিত্য ব্যৱহার্য সা-সামগ্ৰীৰ মূল্যও যথেষ্ট বৃদ্ধি পাইছে।

ADVERTISEMENT

কৰাচী ডেইলি টাইমছ’ৰ সমীক্ষা অনুসৰি, যােৱা সপ্তাহৰ তুলনাত প্রাথমিকভাৱে সকলােবােৰ খাদ্য দ্রব্যৰ মূল্য পাকিস্তানত কে’বাগুণ বৃদ্ধি পাইছে। বিশেষকৈ শাক-পাচলি, কুকুৰা, চেনি, খাদ্য তেল, ঘিউ, মছলা, কণী আদিৰ মূল্য বহু বৃদ্ধি পাইছে।

প্রতি কিলাে চেনিৰ মূল্য বর্তমানে পাকিস্তানত ১১০ টকা হৈছে। ইফালে, প্রতি কিলােগ্রাম কুকুৰা মাংসৰ মূল্য ২৪০ টকা আৰু ১২টা কণীৰ মূল্য ১৮০ টকা হৈছে। ৰন্ধন গেছ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য পূর্বৰ ২৪০০ টকাৰ পৰিৱর্তে বর্তমানে ২,৬৫০ টকা হৈছে।

পৰিবহণ ব্যয় বৃদ্ধিৰ ফলতে পাকিস্তানত খাদ্য দ্রব্যৰ মূল্য উধ্বমুখী হৈছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণত গুৰুত্ব দিয়াৰ পৰিৱর্তে দেশখনৰ প্রধানমন্ত্রী ইমৰান খান ব্যস্ত হৈ আছে কাশ্মীৰ প্ৰসংগক লৈ।

Exit mobile version