আই আই টিত নামভৰ্তিৰ বাবে তিনি অক্টোবৰত হ’ব পৰীক্ষা

ht pune 13f5decc 5c50 11e8 8eeb 612d38e6f1f8 1618723950453

দেশৰ বিভিন্ন ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজী (আই আই টি)ত নামভৰ্তিৰ বাবে অনুষ্ঠিত হােৱা জে ই ই (এডভান্সড) ২০২১ পৰীক্ষা অহা তিনি অক্টোবৰত অনুষ্ঠিত হ’ব।

কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে মঙলবাৰেএই কথা ঘােষণা কৰে। পূর্বে এই পৰীক্ষা জুলাইত অনুষ্ঠিত হােৱাৰ কথা আছিল যদিও কৰ’নাৰ সংক্ৰমণৰ দ্বিতীয় টৌৰ পৰিপ্ৰেক্ষিতত জে ই ই (এডভান্সড) পৰীক্ষা স্থগিত ৰখা হৈছিল।

মঙলবাৰে কেন্দ্রীয় শিক্ষামন্ত্রীজনে সামাজিক মাধ্যমৰ জৰিয়তে কয়, ‘আই আই টিত নামভৰ্তিৰ বাবে জে ই ই (এডভান্সড) ২০২১ পৰীক্ষা অহা তিনি অক্টোবৰত অনুষ্ঠিত কৰা হ’ব। এই পৰীক্ষা সকলাে ধৰণৰ ক’ভিড বিধি পালনৰে অনুষ্ঠিত হ’ব।

Exit mobile version