দেশত ৭.১৪ শতাংশলৈ বৃদ্ধি নিবনুৱাৰ হাৰ

Unemployment Rate2

দেশৰ বিভিন্ন ৰাজ্যত স্থানীয় ক’ভিডকেন্দ্রিক বিধি নিষেধ শিথিল হােৱাৰ ফলত আর্থিক কর্মকাণ্ডৰ গতি ক্রমে বৃদ্ধি পাবলৈ ধৰিছে। লগে লগে চহৰ আৰু গাঁওসমূহ সমগ্ৰ দেশতে পুনৰ নিবনুৱাৰ হাৰ হ্রাস পাইছিল; কিন্তু জুলাইৰ অন্তিমভাগত দেশত পুনৰ নিবনুৱাৰ হাৰ ঊর্ধ্বমুখী হ’ল।

ADVERTISEMENT

পৰামর্শদাতা সংস্থা চিএমআইইৰ সমীক্ষা অনুসৰি, যােৱা ২৫ জুলাইত অন্ত হােৱা সপ্তাহত সমগ্ৰ দেশৰ নিবনুৱাৰ হাৰ এবাৰতে ৭.১৪ শতাংশলৈ বৃদ্ধি পালে। ইয়াৰ পূৰ্বৰ সপ্তাহত ভাৰতত নিবনুৱাৰ হাৰ আছিল ৫.৯৮ শতাংশ।

গ্রামাঞ্চলত নিবনুৱাৰ এই হাৰ ৫.১০ শতাংশৰ পৰা বৃদ্ধি পালে ৬.৭৫ শতাংশলৈ। চহৰ অঞ্চলত অপেক্ষাকৃতভাৱে নিবনুৱাৰ হাৰ কম বৃদ্ধি হলেও ই ইতিমধ্যে আঠ শতাংশৰ সীমা অতিক্রম কৰিছে। দেশৰ তহৰাঞ্চলত সম্প্রতি নিবনুৱাৰ হাৰ ৭.৯৪ শতাংশৰ পৰা বৃদ্ধি পাই ৮.০১ শতাংশ হৈছে।

অৱশ্যে চহৰত নিবনুৱাৰ হাৰ বহুদিন ধৰি গ্রামাঞ্চল আৰু ৰাষ্ট্ৰীয় গড়ৰ তুলনাত অধিক হৈ আহিছে। সম্প্রতি নিবনুৱাৰ এই ছবিখন সলনি হােৱা বুলি কেন্দ্ৰৰ চৰকাৰে দাবী কৰিছিল। কিন্তু চিএমআইইৰ শেহতীয়া সমীক্ষাৰ প্রতিবেদনে দেশত নিবনুৱা বৃদ্ধিক লৈ দুশ্চিন্তা বৃদ্ধি কৰিলে।

সংশ্লিষ্ট মহলৰ একাংশৰ উদ্বেগ যে সঁচাকৈয়ে দেশলৈ কৰ’নাৰ সংক্ৰমণৰ তৃতীয়টো ঢৌৰ আগমন ঘটিলে অর্থনীতি খণ্ডত ই পুনৰ ভয়াৱহ প্ৰভাৱ পেলাব আৰু ফলত দেশত কর্মসংস্থাপন আৰু অধিক সংকুচিত হােৱাৰ শংকা আছে।

যােৱা বছৰৰ মাৰ্চত কৰ’নাৰ প্ৰথম সংক্ৰমণৰ পাছৰে পৰা ভাৰতত কর্মসংস্থাপন খণ্ড বিপর্যস্ত হৈ আহিছে। দীঘলীয়া তলাবন্ধৰ পৰিণতিত সেই সময়ত এপ্রিল আৰু মে’ত ভাৰতত নিবনুৱাৰ হাৰ ২০ শতাংশলৈকে বৃদ্ধি পাইছিল।

অৱশ্যে ইয়াৰ পাছত তলাবন্ধ শিথিল হােৱাৰ লগে লগে তাল মিলাই নিবনুৱাৰ হাৰ হ্রাস পাবলৈ ধৰিছিল। কিন্তু অতিমাৰীৰ দ্বিতীয়টো ঢৌৰ হঠাতে দেশলৈ আগমন ঘটাত পৰিস্থিতি পুনৰ জটিল হয়। সংক্রমণ ৰােধ কৰিবলৈ দেশৰ প্ৰায়বােৰ ৰাজ্যই পুনৰ তলাবন্ধৰ পথ ল’বলৈ বাধ্য হয় আৰু ফলত কর্মসংস্থাপন সীমিত হ’বলৈ ধৰে।

স্থানীয় তলাবন্ধ আৰু বিধি নিষেধৰ ফলত যােৱা মে’ত দেশৰ নিবনুৱাৰ হাৰ ১০ শতাংশতকৈ অধিক হৈছিল। অৱশ্যে শেহতীয়াভাৱে বিভিন্ন ৰাজ্যই ক’ভিড বিধি শিথিল কৰাৰ লগে লগে দেশৰ নিবনুৱাৰ হাৰ ক্ৰমে হ্রাস পাবলৈ ধৰিছিল।

কৰ’নাৰ দ্বিতীয়টো ঢৌৱে অর্থনীতিত আঘাত হনাৰ সময়ত দেশৰ নিবনুৱাৰ হাৰ যি স্থানত উপনীত হৈছিল, বর্তমানৰ পৰিস্থিতি তাৰ তুলনাত কিছু উন্নত হৈছে। কিন্তু ক’ভিডৰ সংক্ৰমণৰ তৃতীয় টৌৰ শংকাই দেশত নিবনুৱাৰ সংখ্যা পুনৰ বৃদ্ধি কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে। বিশেষকৈ বর্ষাকালৰ অনুকূল পৰিস্থিতি আৰু ১০০ দিনৰ কামৰ আঁচনিৰ পাছতাে গ্রামাঞ্চলত হঠাতে নিবনুৱাৰ হাৰ যথেষ্ট বৃদ্ধি পােৱাটো উদ্বেগৰ বিষয়ত পৰিণত হৈছে।

চিএমআইইৰ বিষয়া মহেশ ব্যাসে দেশৰ কর্মক্ষেত্ৰত উদ্ভৱ হােৱা সংকটৰ সন্দৰ্ভত এক নিবন্ধত মন্তব্য কৰি কয়, ২০২২ৰ মাৰ্চৰ ভিতৰত যে দেশৰ প্রকৃত মুঠ ঘৰুৱা উৎপাদন (জিডিপি) কৰ’না পূর্বৰ পৰিস্থিতিলৈ উভতাই অনাটো সম্ভৱ হ’ব, সেয়া এতিয়াও স্পষ্ট হােৱা নাই।

এনে পৰিস্থিতিত ক’ভিডৰ তৃতীয় ঢৌৰ আগমন হলে ভাৰতত অধিকসংখ্যক লােক কর্মসংস্থাপনহীন হােৱাৰ শংকা আছে।

Exit mobile version