মিলিন্দৰ বিষয়ে ভুল তথ্য উইকিপিডিয়াত, কৰ্তৃপক্ষক ‘জাগ্ৰত’ হোৱাৰ বাৰ্তা অভিনেতাৰ

milind soman

উইকিপিডিয়াত নিজৰ বিষয়ে ভুল তথ্য পালে মডেল তথা বলীউদ অভিনেতা মিলিন্দ স’মানে । টুইট কৰি এই ভুলৰ প্ৰতি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে অভিনেতাজনে । মিলিন্দৰ উইকিপিডিয়াত তেওঁৰ দুটা জন্ম তাৰিখ পোৱা যায় । এটা ২৮ জুলাই ২০২০ আৰু আনটো চাৰি নৱেম্বৰ ২০২০ ।

ADVERTISEMENT

এই বিষয়ত অভিনেতাজনে টুইটাৰত লিখে, ‘কোনোবাই উইকিপিডিয়া হেক্ কৰিছে নেকি ? দেখা গৈছে, মই যোৱা দুবছৰত দুটা পৃথক দিনত জন্মগ্ৰহণ কৰিলো ।’ লগতে হেছটেগ দি লিখে, ‘উইকি ৱেক আপ’, ‘লিটল উইকি লাইজ’ । অৰ্থাৎ উইকিপিডিয়াক সতৰ্ক হৈ সঠিক তথ্য দিবৰ বাবে পৰামৰ্শ দিলে মিলিন্দে ।

উইকিপিডিয়া পেজত লিখা আছে যে, দক্ষিণ গোৱাৰ আৰক্ষী ছুপাৰ পংকজকুমাৰ সিঙে জনাইছে, মিলিন্দৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ ২৯৪ ধাৰা (অশ্লীল কৰ্মকাণ্ড) আৰু ৬৭ ধাৰাত (অশ্লীল ছবি প্ৰকাশ)ৰ গোচৰ ৰুজু কৰা হৈছে ।

ইয়াৰ উপৰি মিলিন্দৰ উইকিপিডিয়া পেজত কোৱা হৈছে, ‘সমুদ্ৰ পাৰত নগ্ন হৈ দৌৰাৰ বাবে তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে । এই বিষয়ত অন্য এটা টুইট কৰি অভিনেতাজনে লিখে, ‘সমুদ্ৰৰ পাৰত নগ্ন হৈ দৌৰাৰ বাবে মোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে ? অঁ মই দৌৰিছো । সেই ফটো মোৰ ইনষ্টাগ্ৰামটো আছে । কিন্তু কেতিয়া অভিযোগ দাখিল হ’ল ?’

https://twitter.com/milindrunning/status/1420262843883016194?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1420262843883016194%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fentertainment%2Fmilind-soman-asks-wikipedia-to-wake-after-he-notices-errors-on-his-page-dgtl%2Fcid%2F1295432

Exit mobile version