ৰাষ্ট্ৰীয় স্তৰত চিকিৎসাৰ অন্যান্য অনগ্ৰসৰ শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণ ঘোষণা

Course.c6abeba3.fill 1366x700.format jpeg.jpegquality 80

চিকিৎসা বিভাগত পঢ়াৰ ক্ষেত্ৰত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি ঘোষণা কৰে যে, চিকিৎসা বিভাগৰ ২৭ শতাংশ আসন সংৰক্ষিত থাকিব অনগ্ৰসৰ শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে । ইয়াৰোপৰি, আৰ্থিকভাৱে পিছ পৰি থকা শিক্ষাৰ্থীসকলৰ বাবে ১০ শতাংশ আসন সংৰক্ষিত থাকিব ।

সৰ্বভাৰতীয় সংৰক্ষণ প্ৰকল্পৰ মাধ্যমত এই বিষয় বাস্তবায়িত কৰা হ’ব বুলি জনাইছে প্ৰধানমন্ত্ৰীয়ে । চলিত বৰ্ষৰ নামভৰ্তিৰ ক্ষেত্ৰতো এই সংৰক্ষণৰ নিয়ম কাৰ্যকৰী কৰা হ’ব । স্নাতক আৰু স্নাতকোত্তৰ স্তৰত শিক্ষাৰ্থীসকলৰ ভৰ্তি, দন্ত চিকিৎসাৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো এই নিয়ম কাৰ্যকৰ হ’ব ।

চৰকাৰী সূত্ৰৰ দাবী, ইয়াৰ ফলত এমবিবিএছৰ ক্ষেত্ৰত প্ৰায় এহেজাৰ পাঁচশ অনগ্ৰসৰ শ্ৰেণীৰ শিক্ষাৰ্থী আৰু স্নাতকোত্তৰ স্তৰৰ দুহেজাৰ পাঁচশ অনগ্ৰসৰ শ্ৰেণীভুক্ত শিক্ষাৰ্থী লাভবান হ’ব । প্ৰতি বছৰে এমবিবিএছৰ আৰ্থিকভাৱে পিছ পৰি থকা এহেজাৰ ছাত্ৰ-ছাত্ৰী লাভবান হ’ব ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটত লিখে, ‘বৰ্তমান শিক্ষাবৰ্ষৰ পৰাই অনগ্ৰসৰ শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণ আৰু আৰ্থিকভাৱে পিছ পৰি থকা শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ কথা ঘোষণা কৰা হৈছে । এই সিদ্ধান্ত‌ই দেশৰ যুৱ সমাজৰ হেজাৰ হেজাৰ প্ৰতিনিধিক সাহস যোগাব । সামাজিক ন্যায়ৰ এক সামগ্ৰিক চিত্ৰ দাঙি ধৰা হ’ব ।’

Exit mobile version