কলগাছিয়াৰ বনঘুগি গাৱৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগিবলগীয়া হৈছে

পথত কঠীয়া ৰুই প্ৰতিবাদ পথচাৰীৰ

Screenshot 20210730 195042 com.huawei.himovie.overseas

জনীয়া সমষ্টিৰ কলগাছিয়া বনঘুগি লাংলা সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাই ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। উল্লেখ্য যে বনঘুগী গাওঁ পঞ্চায়তৰ এক নং খণ্ডৰ এই পথটো নিৰ্মাণৰ বাবে বিভিন্ন সময়ত জনপ্ৰতিনিধিক দাবী জনোৱাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত গাও খনৰ ক্ষুব্ধ পুৰুষ-মহিলা সকলে একত্ৰিত হৈ এইদৰে ৰাস্তাৰ মাজতে কঠীয়া ৰুই প্ৰতিবাদ কৰিছে।

এই জৰাজীৰ্ণ পথেৰে গাঁও খনত দুচকীয়া, চাৰি চকীয়া বাহন, ১০৮ এম্বুলেঞ্চ সেৱা আদি আহিব নোৱাৰে। এই ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজ, স্কুলীয়া ছাত্ৰ ছাত্ৰী, ৰোগী সকলেও যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে।

বহু ক্ষেত্ৰত গাওঁ খনৰ মাজেৰে যোৱা এই পথটোৱে বাধাৰ সৃষ্টি কৰিছে বুলি ৰাইজে জানিবলৈ দিয়ে। অচিৰেই পথটো নিৰ্মাণ কৰি যাতায়তৰ সুবিধা কৰি দিবলৈ ৰাজ্য চৰকাৰক টানি অনুৰোধ জনাইছে ভূক্তভোগী লোক সকলে।

Exit mobile version