টুইটাৰত অনুগামী সাত কোটিলৈ বৃদ্ধি বিশ্বৰ সক্রিয় ৰাজনীতিকৰ

শীর্ষত প্রধানমন্ত্রী মােদী, দ্বিতীয় স্থানতহে বাইডেন

নতুন অভিলেখ গঢ়িলে ভাৰতৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে।টুইটাৰত মােদীৰ অনুগামীৰ সংখ্যাই সাত কোটিৰ সীমা অতিক্রম কৰিলে। এই মুহূর্তত বিশ্বত মােদীয়ে হৈছে মাইক্র’ ব্লগিং ছাইটটোত সর্বাধিক অনুগামী থকা সক্রিয় ৰাষ্ট্রনেতা।

মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ টুইটাৰত অনুগামীৰ সংখ্যা মােদীৰ তুলনাত অর্ধেক কম। বাইডেনৰ সম্প্রতি টুইটাৰত তিনি কোটি অনুৰাগী আছে। ২০০৯ত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত মােদীয়ে প্রথম টুইটাৰত একাউন্ট খুলিছিল।

২০১০ত তেওঁৰ অনুৰাগীৰ সংখ্যা আছিল এক লাখ। কিন্তু দেশৰ প্রধানমন্ত্রী হােৱাৰ পাছত স্বাভাৱিকতে মােদীৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে আৰু বিগত সাত বছৰত ৰাজনৈতিক নেতা হিচাপে বিশ্বৰ আন সকলাে ৰাষ্ট্রনেতাক জনপ্রিয়তাৰ ক্ষেত্ৰত টুইটাৰত অতিক্রম কৰি সাত কোটি অনুৰাগী লাভ কৰিলে।

অৱশ্যে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাৰাক অ’বামাৰ বর্তমানে টুইটাৰত ১৩ কোটি ফলােৱাৰ আছে। মােদীৰ পাছতে টুইটাৰত সর্বাধিক ফলােৱাৰ আছে পােপ ফ্রান্সিছৰ।

খ্রীষ্টান ধর্মগুৰুৰ টুইটাৰত অনুৰাগীৰ সংখ্যা হৈছে পাঁচ কোটি ৩০ লাখ। আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পৰাে টুইটাৰত প্রায় ন কোটি অনুৰাগী আছিল।

কিন্তু টুইটাৰে ট্রাম্পৰ একাউণ্ট চিৰদিনৰ বাবে ইতিমধ্যে বন্ধ কৰি দিলে। ভাৰতীয় ৰাজনৈতিক নেতা হিচাপে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ টুইটাৰত এক কোটি ৯৪ লাখ ফলােৱাৰ আছে।

আনহাতে, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ এই মাইক্র’ ব্লগিং ছাইটটোত থকা অনুৰাগীৰ সংখ্যা হৈছে দুই কোটি ৬৩ লাখ। প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে চৰকাৰী নীতি, দলীয় কর্মসূচীৰ বার্তা প্রেৰণৰ পৰা আৰম্ভ কৰি বিশিষ্ট ব্যক্তিৰ জন্মদিনৰ শুভেচ্ছা, মৃত্যুত শােক প্রকাশৰ বাবেও টুইটাৰ ব্যৱহাৰ কৰি আহিছে।

যােৱা এপ্রিলত দেশৰ কৰ’নাৰ দ্বিতীয় সংক্রমণ ব্যাপক হােৱাৰ পাছত প্রধানমন্ত্রী হিচাপে মােদীৰ জনপ্রিয়তা দ্রুত হ্রাস পােৱা বুলি বিভিন্ন সমীক্ষাত দাবী কৰা হৈছিল যদিও টুইটাৰত ভাৰতৰ প্ৰধানমন্ত্রীজনে নিজৰ বিপুল জনপ্রিয়তা অটুট ৰাখিবলৈ সফল হৈছে।

Exit mobile version