কলম্বিয়াৰ বিশ্বখ্যাত পপ শিল্পী শাকিৰাৰ বিৰুদ্ধে কৰ ফাকিৰ এক গােচৰত স্পেইনৰ এজন ন্যায়াধীশে বিচাৰ চলাব।
আদালতৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি পপ তাৰকাগৰাকীয়ে দেশত কৰ আদায়ৰ ক্ষেত্ৰত প্ৰয়ােজনীয় নিয়ম সঠিকভাৱে পালন কৰা নাছিল।
ন্যায়াধীশ মার্কো জুবেৰিয়াছে এই গােচৰৰ সন্দৰ্ভত নির্দেশ দি কয়, তিনি বছৰীয়া অনুসন্ধানত লাভ কৰা তথ্যপাতিৰ পৰা আমি নিশ্চিত হৈছাে যে কৰ অনিয়মৰ অভিযােগত আদালতে শ্বাকিৰাৰ বিৰুদ্ধে গােচৰ চলােৱাৰ পর্যাপ্ত প্রমাণ মজুত আছে।
অৱশ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে অভিযুক্তই আবেদন জনাব পাৰিব। ‘পপ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযােগ অনুসৰি ২০১২ আৰু ২০১৪ৰ সময়ছােৱাত তেওঁ স্পেইনত ১.৬৪ কোটি ডলাৰৰ কৰ আদায় দিয়া নাছিল।
অৱশ্যে শ্বাকিৰাই তেওঁৰ বিৰুদ্ধে উত্থাপিত কৰ ফাকিৰ অভিযোেগ ২০১৯ তে অস্বীকাৰ কৰিছিল। কৰ ফাকিৰ অভিযােগত দোষী সাব্যস্ত হলে শ্বাকিৰাৰ বিৰুদ্ধে আদালতে বৃহৎ পৰিমাণৰ জৰিমনা বিহাৰ লগতে তেওঁক কমেও দুবছৰ কাৰাদণ্ড বিহিব পাৰে।