পইতা ভাতে বৃদ্ধি কৰে প্ৰতিৰোধ ক্ষমতা

দীর্ঘ গৱেষণাৰ অন্তত দাবী কৰিলে এইমছৰ অধ্যাপকে

poita bhat

অসমৰ গাঁৱলীয়া সমাজৰ এবিধ পৰিচিত খাদ্য হৈছে পইতা ভাত। দৰিদ্র শ্ৰেণীটোৰ বাবেও এই খাদ্যই কেতিয়াবা হৈ পৰে অমৃতস্বৰূপ পিঁয়াজ, জলকীয়া, মিঠাতেল, গাজ টেঙা, খালি আদিৰে পইতা ভাত খােৱাৰ মজাই বেলেগ।

যদিও আধুনিকতাৰ বা লগা অধিকাংশ চহৰীয়াৰ বাবেই পইতা বা পানী দিয়া ভাত কেৱল দৰিদ্ৰৰ খাদ্যহে। অথচ এই পইতা ভাতেই হয়তাে কৰ’না পৰিস্থিতিত চহৰীয়া আধুনিক সমাজৰাে আগন্তুক দিনৰ নিত্য-নৈমিত্তিক খাদ্যত পৰিণত হ’ব পাৰে।

কৰ’নাৰ মাৰাত্মক পৰিস্থিতিৰ পৰা ৰক্ষা পৰি থকাৰ বাবে অত্যন্ত আৱশ্যকীয় বস্তুটো হৈছে শৰীৰৰ ৰােগ প্রতিষেধক ক্ষমতা। চিকিৎসকসকলেও নির্দিষ্ট কিছুমান খাদ্য গ্রহণ কৰি শৰীৰৰ ৰােগ প্রতিৰােধ ক্ষমতা উন্নত কৰি ৰাখিবলৈ পৰামর্শ দি আহিছে।

যাতে কৰ’নাৰ কবলত পৰিলেও আন জটিলতাৰ সন্মুখীন হ’ব নালাগে। সেই বাবেই পইতা ভাতৰ প্রতি মানুহৰ আকর্ষণ বৃদ্ধি পােৱাৰ সম্ভাৱনাই দেখা দিছে।

কিয়নাে এই পইতা ভাতেই বৃদ্ধি কৰে শৰীৰৰ ৰােগ প্ৰতিৰােধ ক্ষমতা। সম্প্রতি এই দাবী কৰা হৈছে ভুৱনেশ্বৰ এইমছৰ এজন অধ্যাপক গৱেষণাত। এইমছ ভুৱনেশ্বৰৰ বলমুৰুগান ৰামদাস নামৰ অধ্যাপকজনে দীর্ঘদিন এই বিষয়ত গৱেষণা অব্যাহত ৰখা বুলি জনাইছে।

অধ্যাপক ৰামদাসে কয়, ‘২০০২ৰ পৰাই মাইক্র’বায়’মক কেন্দ্ৰ কৰি গৱেষণা কৰি আছাে। পুষ্টিহীন শিশুসকলক চিকিৎসা কৰাক লৈ আমি কাম আৰম্ভ কৰিছিলাে।

শ্বৰ্ট-চেইন ফেটী এছিড সমৃদ্ধ জটিল কার্ব’হাইড্রেট খাদ্যৰ সন্ধান কৰা হৈছিল। পইতা ভাতৰ পানীত সেয়া প্ৰচুৰ পৰিমাণে পােৱা গৈছে। ইয়াৰ পাছত ২০১৯ৰ পৰা আমি পইতা ভাতক লৈ গৱেষণা আৰম্ভ কৰাে।

অধ্যাপকজনে লগতে কয় যে শ্বৰ্ট-চেইন ফেটী এছিডে শৰীৰৰ অন্ত্র ভালে থকাত সাহায্য কৰে। লগতে ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিতে সহায় কৰে।ইয়াৰ উপৰি হাড়ৰ জোৰ বঢ়োৱা, ওজনৰ নিয়ন্ত্ৰণৰ দৰে শৰীৰবৃত্তীয় কামতাে সহায় কৰে।

সেয়ে পুষ্টিগুণৰ সমান্তৰালকৈ ৰােগ প্ৰতিৰােধ ক্ষমতা বৃদ্ধিতাে পইতা ভাতে সাহায্য কৰে বুলি অধ্যাপক ৰামদাসে জনাইছে।

Exit mobile version