ফকিৰাগ্ৰাম আৰু ভোটগাঁৱত জল জীৱন মিছন আঁচনিৰ আৰম্ভণি

WhatsApp Image 2021 07 31 at 6.06.08 PM

কোকৰাঝাৰ জিলাৰ ভোটগাঁৱত জল জীৱন মিছন আঁচনিৰ আজি আৰম্ভণি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োয়ে । উক্ত অনুষ্ঠানত প্ৰমোদ বড়োৰ লগতে উপস্থিত থাকে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰূপ কুমাৰ দে, বিটিআৰৰ জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য নীলুত স্বৰ্গীয়াৰী, সহকাৰী আয়ুক্ত অংকিতা দত্ত, কাৰ্যকৰী অভিযন্তা যোগানন্দ নাথ, সহকাৰী অভিযন্তা মনোজ নন্দী লগতে অইন অইন বিষয়ববীয়াসকল ।

উক্ত অনুষ্ঠানত উপস্থিত হৈ ভাষণ প্ৰসংগত প্ৰমোদ বড়োয়ে কয় যে, বিটিআৰত দুই লাখ ৫০ হেজাৰ পৰিয়ালে ঘৰে ঘৰে জল জীৱন আঁচনিৰ পানী পাব । ইপিনে, ফকিৰাগ্ৰামতো জল জীৱন মিছন আঁচনিৰ আৰম্ভণি কৰে বিটিআৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ই এম অৰূপ কুমাৰ দেই ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিআৰৰ জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য নীলুত স্বৰ্গীয়াৰী, সহকাৰী আয়ুক্ত অংকিতা দত্ত, কাৰ্যকৰী অভিযন্তা যোগানন্দ নাথ,সহকাৰী অভিযন্তা মনোজ নন্দী লগতে অইন অইন বিষয়ববীয়া সকল ।

উক্ত অনুষ্ঠানত বিটিআৰৰ জন স্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য নীলুত স্বৰ্গীয়াৰীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে আজিৰ দিনটোত বিটিআৰত ৩০১৫ টা পৰিয়ালে জল জীৱন মিছন আঁচনিৰ পানী পাইছে । নীলুত স্বৰ্গীয়াৰীয়ে লগতে কয় যে প্ৰতি মাহৰ শেষৰ দিনটোত বিভিন্ন স্থানত জল জীৱন মিছন আঁচনিৰ আৰম্ভণি কৰা হ’ব ।

Exit mobile version