ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়লৈ গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা

WhatsApp Image 2021 07 31 at 6.06.43 PM

ভাৰত চৰকাৰৰ মহাত্মা গান্ধী নেশ্যনেল কাউঞ্চিল অফ ৰুৰেল এডুকেশ্বনৰ দ্বাৰা আয়োজিত স্বচ্ছতা একশ্যন প্লেনৰ ২০২০ বৰ্ষৰ বিশেষ কাৰ্যসূচীৰ অধীনত বৰপেটা জিলাৰ অন্যতম উচ্চ শিক্ষাৰ অনুষ্ঠান ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ে লাভ কৰিছে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা।

উল্লেখ্য যে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ চৌহদত সেউজীয়াকৰণ,জলসংৰক্ষণ, পৰিষ্কাৰ পৰিচন্নতা, বৃক্ষৰোপণ, শক্তি আৰু পানী আদিৰ আকৰ্ষণীয়তাৰ বাবে মহাবিদ্যালয়খনে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হৈছে।

আন এক উল্লেখ্য যে গ্ৰীণ চেম্পিয়ন ৰাষ্ট্ৰীয় বঁটা ঘোষণাৰ সৈতে সংগতি ৰাখি চৰকাৰীভাৱে অনলাইন যোগে অনুষ্ঠিত এখন সেউজীয়াকৰণ বিষয়ভিত্তিক আলোচনা সভাত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট লেখক, চিন্তাবিদ ড° মুকুন্দ শৰ্মাই সৱলীল বক্তৃতা প্ৰদান কৰে।

Exit mobile version