অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত হোৱা সীমা বিবাদৰ সংঘাত অব্যাহত থকাৰ সময়তে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত উপস্থিত হ’ল পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহন।
অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত সংঘটিত ঘটনাত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা অসম আৰক্ষীৰ এছ আই-ৰ বাসগৃহত হঠাৎ উপস্থিত হ’ল মন্ত্ৰী গৰাকী।গুলীবিদ্ধ এছ আই জন হ’ল অৰবিল হোজাই
মন্ত্ৰী গৰাকীয়ে দুপৰীয়া ভাগত জিলাখনৰ খেৰণিত উপস্থিত হৈ পোনে পোনে এছ আই বিষয়া গৰাকীৰ বাসগৃহ মচুকাত উপস্থিত হৈ পৰিয়াল বৰ্গক সাক্ষাৎ কৰে আৰু ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।