আইইএছৰ দ্বিতীয় স্থান লাভ কাশ্মীৰৰ কৃষক পুত্ৰৰ ,শিক্ষাগ্রহন কৰিছে কলকাতাতো

Screenshot 64

পিতৃ এজন খেতিয়ক। পুত্ৰই ভাৰতীয় অৰ্থনৈতিক সেৱা বা আইইএছ পৰীক্ষাত দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল শনিবাৰে ।

কাশ্মীৰৰ তানভিৰ আহমেদ খান সমগ্ৰ দেশৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰিছে । তেওঁৰ সফলতাৰ খবৰ টুইটাৰ যোগে জনাইছে কুলগামৰ উপায়ুক্তই । তানভিৰৰ স’তে কলকাতাৰো যোগসূত আছে।

শ্ৰীনগৰৰ পৰা ৮০ কিলোমিটাৰ দূৰত কুলগামৰ দূৰৱৰ্তী গাওঁ নিগিনপুৰা কুণ্ডত ঘৰ তানভিৰৰ । তানভিৰে কয় কয় যে তেওঁ কোনো পৰিস্থিতিক নিজকে প্ৰভাৱিত কৰিবলৈ নিদিয়ে।

ছাত্ৰজনৰ ভাষাত, “মই চাৰিখন দেৱালৰ ভিতৰত নিজকে বন্দী কৰি লৈছিলো। মই এমফিল কৰাৰ উপৰিও আইইজিৰ বাবে প্ৰস্তুতি কৰিছো। মই দ্বিতীয় সুযোগৰ কথা ভবা নাছিলো। মোৰ বাবে প্ৰথম প্ৰয়াসটো আছিল শেষ প্ৰয়াস। ”

Exit mobile version