প্ৰায়ভাগ লােকেই বেঙেনা খাদ্য তালিকাত অন্তর্ভুক্ত কৰে। তৰকাৰীত বেঙেনা মিহলােৱাৰ উপৰি বেঙেনা পােৰা, ভাজি খােৱাৰ খােৱাদেই সুকীয়া।
বেঙেনাৰাে পিছে মস্তিস্কৰ সুৰক্ষাৰ উপৰি সুস্বাস্থ্য ৰক্ষাত সহায় কৰিব পৰা বিভিন্ন উপাদান থাকে। ব্রাজিলৰ ইনষ্টিটিউট অৱ বায়ােল’জি অৱ চাও পাউলাে ষ্টেট ইউনিভাৰচিটিত চলােৱা এক গৱেষণাত বেঙেনাত থকা উপাদানে হাইপাৰ ক’লেষ্টেৰলিমিয়া অর্থাৎ তেজত প্ৰচুৰ পৰিমাণে কলেষ্টৰল থকা ৰােগ প্ৰতিৰােধত সহায় কৰে।
আনহাতে, ফ্রিৰেডিকেল সৃষ্টিতে বাধা দিয়ে। বেঙেনাত থকা নামুনিন নামৰ এনথােছয়ানিন নিউট্রিয়েন্ট বিধ হ’ল শক্তিশালী এন্টি অক্সিডেণ্ট আৰু ফ্রি ৰেডিকেল বিনাশক। নামুনিনে কোষৰ ধ্বংস প্ৰতিৰােধ কৰে।
নামুনিনে মস্তিস্কৰ কোষৰ কোষ পদাৰ লিপিড বা চর্বিক সুৰক্ষা দিয়ে। এইখিনিতে উল্লেখ কৰিব লাগিব যে কোষ পৰ্দাৰ সিংহভাগ উপাদানেই হ’ল লিপিড। ইয়ে ফ্রি ৰেডিকেলৰ ধ্বংসৰ পৰা কোষক সুৰক্ষা দিয়ে।