ই-ৰুপি কি ? কেনেদৰে ব্যৱহাৰ কৰিব মোদীৰ ‘ভৱিষ্যৎদৰ্শী’ এই লেনদেন প্ৰক্ৰিয়া

What is Digital Voucher E Rupee

ভাৰতৰ প্ৰথম ডিজিটেল মুদ্ৰা ই-ৰুপি । বহুতে ধাৰণা কৰে যে ইয়াৰ দ্বাৰা পৰিসেৱা প্ৰদানকাৰী আৰু গ্ৰাহকসকলৰ মাজত দ্ৰুততম লেনদেন সম্ভৱ হ’ব । ই-ৰুপী স্পৰ্শ কৰিব নোৱাৰি । কিন্তু ইয়াৰ জৰিয়তে লেনদেন কৰিবলৈ নগদ অৰ্থৰ প্ৰয়োজন নাই ।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ই ৰুপিৰ সুবিধা ব্যাখ্যা কৰি লিখে, ‘এইটো এটা ভৱিষ্যৎদৰ্শী ডিজিটেল অৰ্থ প্ৰদানৰ প্ৰক্ৰিয়া, যিয়ে ব্যৱহাৰকাৰীক ব্যাপক সুবিধা প্ৰদান কৰিব ।’

ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেছন অফ ইণ্ডিয়াই তেওঁলোকৰ ইউপিআই পৰিসেৱাৰ সহায়ত ই-ৰুপি তৈয়াৰ কৰিছে । তদুপৰি অৰ্থনৈতিক পৰিসেৱা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাইয়ো সহায় কৰিছে ।

বিভিন্ন ব্যক্তিকেন্দ্ৰীক চৰকাৰী প্ৰকল্প আৰু পৰিসেৱাৰ বাবে যি অৰ্থ দিবলগীয়া হয়, সেয়া এতিয়াৰে পৰা মধ্যস্থতাকাৰী অবিহনেই ই-ৰুপীৰ সহায়ত দিব পাৰিব ।

সাধাৰণ লেনদেনৰ উপৰিও বিভিন্ন চৰকাৰী প্ৰকল্প যেনে মাতৃ আৰু শিশু কল্যাণ প্ৰকল্পৰ অধীনস্থ ঔষধ প্ৰদান কৰা, পুষ্টি সংক্ৰান্ত চৰকাৰী সাহায্য, আয়ুস্মান ভাৰত, প্ৰধানমন্ত্ৰী জন যোজনা বিভিন্ন ক্ষেত্ৰত ই-ৰুপি ব্যৱহাৰ কৰিব পাৰিব ।

বেচৰকাৰী ক্ষেত্ৰতো এই ডিজিটেল ভাওচাৰ ব্যৱহাৰ কৰি কৰ্মচাৰীসকলৰ কল্যাণমূলক কাম কৰিব পৰা যাব বুলি জনোৱা হৈছে চৰকাৰী বিবৃতিত । লগতে কৰ্প’ৰেট সংস্থাবোৰে যি বিভিন্নধৰণৰ সমাজকল্যাণমূলক কাম কৰে, এই ক্ষেত্ৰতো ই-ৰুপি ব্যৱহাৰ কৰিব পৰা যাব ।

ভাৰতৰ ৰাষ্ট্ৰীয় পেমেণ্ট কৰ্প’ৰেছনে এই পৰিসেৱা দিবৰ বাবে বেংকবোৰকো ইয়াৰ স’তে সংযুক্ত কৰিছে । ই-ৰুপিৰ বাবে চৰকাৰী বা বেচৰকাৰী সংস্থাবোৰে বেংকৰেই দ্বাৰস্থ হ’ব লাগিব ।

যাৰ নামত ভাউচাৰটো থাকে, তাৰ বিশদ তথ্য আৰু কিহৰ বাবে অৰ্থ প্ৰদান কৰা হ’ব সেয়া জনাবলৈ প্ৰাপকৰ ম’বাইলত ভাউচাৰ পঠাব বেংকে ।

যিয়ে বা যিসকলে পৰিসেৱা দিব তেওঁলোকৰ স’তে গ্ৰাহকক ডিজিটেল মাধ্যমৰ জৰিয়তে প্ৰত্যক্ষভাৱে সংযুক্ত কৰিব এই পৰিসেৱাই ।

বিভিন্ন জনকল্যাণমূলক প্ৰকল্পৰ বিৰামহীন পৰিসেৱা নিশ্চিত কৰিবলৈয়ে এই ডিজিটেল প্ৰক্ৰিয়াত লেনদেনৰ ব্যৱস্থা কৰা হৈছে । এই প্ৰক্ৰিয়াত যেনেদৰে মধ্যস্থতাকাৰী নাথাকিব তেনেদৰে অৰ্থ বা লেনদেন সংক্ৰান্ত তথ্য চুৰি হোৱাৰো শংকা নাথাকিব বুলি দাবী কৰিছে কেন্দ্ৰ‌ই ।

ই-ৰুপি প্ৰকৃততে এক ধৰণৰ ই ভাউচাৰ । আমি ক্ৰয় কৰা গিফ্ট ভাউচাৰৰ দৰেই । ভাইচাৰটো কিউআৰ ক’ড অথবা এছ‌এম‌এছৰ মাধ্যমত গ্ৰাহকৰ ম’বাইলত দিয়া হ’ব । অৱশ্যে এটা ই ভাউচাৰ এবাৰেই ব্যৱহাৰ কৰিব পাৰিব ।

ইয়াৰ বাবে কোনো কাৰ্ড, পেমেণ্ট এপ্ বা নেটবেংকিঙৰ প্ৰয়োজন নাই । গ্ৰাহকে য’ৰ পৰা পৰিসেৱা গ্ৰহণ কৰিছে বা কিবা ক্ৰয় কৰিছে, প্ৰত্যক্ষভাৱে সেই ভাউচাৰৰ বিনিময়তে ক্ৰয় কৰিব পাৰিব ।

ই-ৰুপি হৈছে গ্ৰাহক আৰু পৰিসেৱা প্ৰদানকাৰী সংস্থাৰ মাজৰ সেতুস্বৰূপ ।

যিহেতু ব্যৱস্থাটো প্ৰিপেইড অৰ্থাৎ, ক্ৰেতাই আগতেই অৰ্থ দি ভাউচাৰটো ক্ৰয় কৰিছে, সেয়ে ভাউচাৰৰ অৰ্থ আৱদ্ধ হৈ থকাৰ সমস্যা নহ’ব বুলি ধাৰণা কৰা হৈছে । কোনো মধ্যস্থতাকাৰীৰ অবিহনেই বিক্ৰেতা বা যিয়ে অৰ্থৰ বিনিময়ত পৰিসেৱা দিছে, তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য লাভ কৰিব ।

Exit mobile version