দেশৰ প্ৰথম , ১০০ শতাংশ টিকাকৰণ ভূৱনেশ্বৰত

test covid pti 1

টিকাকৰণক লৈ তৎপৰ ভাৰত । যুদ্ধকালীন গতিত চলিছে কৰ’নাৰ টিকাকৰণ । ইয়াৰ মাজতে জানিব পৰা গ’ল যে,উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰত ১০০শতাংশ টিকাকৰণ সম্পূৰ্ণ হৈছে ।দেশৰ ভিতৰত এইখন প্ৰথম কোনো চহৰ য’ত সম্পূৰ্ণ টিকাকৰণ কৰিবলৈ সক্ষম হৈছে । ইয়াৰ লগতে প্ৰায় এক লাখ প্ৰব্ৰজনকাৰী শ্ৰমিককো টিকাৰ প্ৰথম পালি দিয়া হৈছে।

ভূৱনেশ্বৰ পৌৰ নিগমৰ দক্ষিণ পূব মণ্ডলৰ উপায়ুক্তগৰাকীয়ে কয়, “ক’ভিড ১৯ৰ বিৰুদ্ধে প্ৰায় ১০০ শতাংশ টিকাকৰণ কৰা হৈছে।” ইয়াৰ লগতে, প্ৰায় এক লাখ প্ৰব্ৰজনকাৰী শ্ৰমিকক টিকাৰ প্ৰথম পালি দিয়া হৈছে। ”

তেওঁ লগতে কয়, “ভূৱনেশ্বৰ পৌৰ নিগমৰ ৩১ জুলাইৰ ভিতৰত ১০০ শতাংশ টিকাকৰণৰ লক্ষ্য আছিল। এই সময়ছোৱাত, ১৮ বছৰৰ অধিক বয়সৰ ৯৭ হেজাৰ লোকক টিকাকৰণ কৰা হৈছে। ”

ইয়াৰ ভিতৰত, ৩১ হেজাৰ স্বাস্থ্য কৰ্মী, ৩৩হেজাৰ আগশাৰীৰ যুঁজাৰু, ১৮ৰ পৰা ৪৫ বছৰ বয়সত পাঁচ লাখ ১৭হেজাৰ আৰু ৪৫ বছৰৰ ওপৰৰ লোকসকলম তিনি লাখ জনক ভেকছিনৰ পালি দিয়া হৈছে।

প্ৰতিবেদনঅনুসৰি, ৩০ জুলাইৰ পৰ্যন্ত ১৮লাখ ৩৫হেজাৰ পালি হৈছে। লক্ষ্য পূৰণৰ বাবে ভূৱনেশ্বৰত প্ৰায় ৫৫ টা টিকাকৰণ কেন্দ্ৰ স্থাপন কৰা হৈছিল। তাৰে ৩০ টা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু সামূহিক কেন্দ্ৰ স্থাপন কৰা হৈছিল।

Exit mobile version