বিপদ বাঢ়িল কুন্দ্রাৰ : দুটা এপ্ ৰ পৰা ৫১ অশ্লীল ছবি জব্দ আৰক্ষীৰ

Raj Kundra Shilpa shetty

অশ্লীল ছবি নির্মাণ-প্রচাৰৰ গােচৰত মুম্বাই আৰক্ষীৰ ল অপৰাধ নিয়ন্ত্রণ শাখাই যােৱা ১৯ জুলাইত বলিউড অভিনেত্রী শিল্পা শেট্টি স্বামী ব্যৱসায়ী ৰাজ কুন্দ্রাক গ্রেপ্তাৰ কৰিছিল।

কুন্দ্রাই অশ্লীল ছবি নির্মাণ কৰি এপ্ৰ জৰিয়তে প্রচাৰ কৰাৰ অভিযােগ উঠিছিল। এই গােচৰৰ সন্দৰ্ভত বিপদ বাঢ়িল কুন্দ্রাৰ। আৰক্ষীয়ে ইতিমধ্যে কুন্দ্রাই পূর্বে তৈয়াৰ কৰা দুটা এপৰ পৰা ৫১ অশ্লীল ছবি জব্দ কৰিলে।

প্রকাশিত বাতৰি অনুসৰি, চৰকাৰী অধিবক্তাই বােম্বে উচ্চ ন্যায়ালয়ক অৱগত কৰােৱা অনুসৰি, তদন্তকাৰী আৰক্ষীয়ে এতিয়ালৈকে ৫১ অশ্লীল ছবি দুটা এপৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে।

এইসমূহ ছবি নির্মাণৰ স’তে কুন্দ্রা প্রত্যক্ষভাৱে জড়িত আছিল বুলিও আৰক্ষীয়ে দাবী কৰিছে। অশ্লীল ছবিসমূহ মূলত হটটছ নামৰ এপ্ৰ জৰিয়তে কুন্দ্রাই প্রচাৰ কৰিছিল।

Exit mobile version