সৌন্দৰ্য্য চৰ্চাত নেমুৰ ভূমিকা

lemon

★ছালৰ ক’লা দাগ

এচামুছ মৌৰ লগত কেইটোপাল মান নেমুৰ ৰস দি ক’লা দাগ থকা অংশত লগাই ১৫ মিনিটৰ পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক।এনে কৰিলে ছালৰ ক’লা দাগ নোহোৱা হ’ব।

★ৰ’দে পোৰা ছাল

ছয় চামুচ বেচন ,দৈ তিনি চামুচ, নেমুৰ ৰস আধা চামুচ,হালধি পেষ্ট বা গুৰি আধা চামুচ, মৌ এচামুছ দি পেক হিচাবে ১৫ মিনিট লগাওঁক। তাৰ পাছত ধুই দিয়ক। সপ্তাহত দুই তিনিদিন এনেদৰে ব্যৱহাৰ কৰিলে সুফল পোৱা যায়।

 

★মৰা কোষ আতৰাবৰ বাবে

এফাল নেমুৰ ৰসৰ লগত দুই চামুচ চেনি দি মুখত লগাই কেইমিনিটমান লাহে লাহে মালিচ কৰক।

 

★ ক’লা পৰা কিলাকুটি বা আঁঠুত

এফাল নেমু লৈ কিছুসময় আঁঠুতত ঘঁহি থাকক। সপ্তাহত দুই তিনিদিন এনেকৈ কৰিলে ক’লা পৰা লাহে লাহে কমি আহে।

 

★ওঠৰ ৰঙ উজ্জ্বল কৰিবলৈ হ’লে নেমুৰ ৰস আৰু মৌ মিহলাই কৰি দৈনিক লগাওঁক । সুফল পাব।

 

★তৈলাক্ত ছাল উজ্জ্বল কৰিবলৈ হ’লে এটা কণীৰ বগা অংশৰ লগত এচামুছ নেমুৰ ৰস মিহলাই ফেচ মাস্ক হিচাবে ব্যৱহাৰ কৰক।

★মুখৰ শালমনৰ সমস্যাত

নেমুৰ ৰসৰ লগত গোলাপ জল মিহলাই কপাহেৰে লগাই মুখখন কিছু সময় পাছত ধুই দিব।

 

★হাত দুখন উজ্জ্বল কৰি তুলিবলৈ হ’লে এফাল নেমুত চেনি লগাই হাত দুখনত কিছু সময় ঘঁহি থাকক।

Exit mobile version