চিৰাঙৰ বাসুগাঁৱত আৰক্ষীৰ অভিযান । বাসুগাঁও ষ্টেচন ৰোড চাৰি নং ৱাৰ্ডত অভিযান আৰক্ষীৰ। গোপন তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ গাঞ্জা ।
ADVERTISEMENT
দীৰ্ঘ দিনৰ পৰাই ৰুনু সুত্ৰধৰ নামৰ লোকজনে অবৈধ ভাবে নিচাজাতীয় সামগ্ৰী বিক্ৰী কৰি আহিছিল। আজি আৰক্ষীৰ অভিযানত প্ৰায় ডেৰ কেজি গাঞ্জাৰ স’তে ধৰা পৰে ৰুনু সত্ৰধৰ , প্ৰদিপ দাস আৰু স্বপন দেবনাথ।
তথ্য অনুসৰি ৰুনু সত্ৰধৰ পূৰ্বে ৰেলত সামগ্ৰী বিক্ৰী কৰি পৰিয়াল চলাইছিল কিন্তু কেইবছৰ আগত ৰেল দুৰ্ঘটনাহৈ এখন হাত আৰু এখন ভৰি হেৰুৱাৰ পাছৰে পৰা এই নিচাজাতিয় সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছে।
আৰক্ষীৰ অভিযানৰ সম্ভেদ পাই গাঞ্জা লুকুৱাবলৈ সক্ষম হোৱাত আৰক্ষীয়ে মাত্ৰ দেৰ কেজি গাঞ্জাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।