চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ কুকলুং বনাঞ্চলত চাৰিটাকৈ বন্দুক, তিনিটা দুষ্প্ৰাপ্য কাচসহ দুজন চিকাৰী গ্ৰেপ্তাৰ

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ১৮২/৩ ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং বনাঞ্চলৰ চাৰিটাকৈ বন্দুক আৰু তিনিটা দুষ্প্ৰাপ্য কাচসহ দুজন চিকাৰী গ্ৰেপ্তাৰ ।

চিকাৰি দুজন সীমান্তৰ এক নং দৰঙাৰ গেলেণ্ডা গয়াৰী আৰু শুক্লেশ্বৰ মুচাহাৰী বুলি জানিবলৈ দিয়ে চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।

সোমাবাৰে উক্ত বনাঞ্চলত ছয় জন চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰি বন বিভাগে চলাইছিল অভিযান । কালিৰে পৰা চলোৱা অভিযানত আজি বন বিভাগে সফলতা লাভ কৰিবলৈ সক্ষম হয় ।

লগতে আন চাৰি জন চিকাৰীক বিচাৰি বন বিভাগৰ অভিযান অব্যাহত থকা বুলিও জনায় বন সংমণ্ডল বিষয়া পাতিৰীয়ে।

Exit mobile version