ত্ৰিপুৰাত ভাৰত-বাংলাদেশ সীমান্তত এনএলএফটি সন্ত্ৰাসবাদীৰ লগত সংঘৰ্ষ, নিহত দুই বিএছএফ জোৱান

1627990638 bsf1

এনএলএফটি (নেচনেল লিবাৰেচন ফ্ৰণ্ট অফ ত্ৰিপুৰা) উগ্ৰপন্থীৰ স’তে সংঘৰ্ষত দুজন বিএছএফ জোৱান নিহত । মঙলবাৰে ত্ৰিপুৰাৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফ যোৱানসকলে তহলদাৰি দিয়া সময়ত এই ঘটনা সংঘটিত হয় ।

বিএছএফৰ সূত্ৰই জনোৱা অনুসৰি ৰাজ্যখনৰ ধলাই জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত আৰ.চি নাথ বিএছএফ চকীৰ ওচৰত পুৱা প্ৰায় ৬.৩০ বজাত এই সংঘৰ্ষ সংঘটিত হয়। নিহতৰ মাজত এজন উপ-পৰিদৰ্শক আছিল।

বিএছ‌এফে জনায় যে তহলদাৰিৰ সময়ত হঠাৎ এন এল এফ টিৰ কেইজনমান সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায় বি এছ এফ জোৱানসকলৰ ওপৰত । সেয়ে তেওঁলোকেও প্ৰত্যুত্তৰ দিয়ে ।

দুয়োপক্ষৰ মাজত এক ব্যাপক গুলি যুদ্ধ হয়।তাতে উপ-পৰিদৰ্শক ভুৰু সিং আৰু হাবিলদাৰ ৰাজকুমাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু পাছত তেওঁলোকৰ মৃত্যু হয়। মৃত দুই জোৱানৰ পৰা সন্ত্ৰাসবাদীসকলে অস্ত্ৰ-শস্ত্ৰ লুটি পলায়ন কৰে।

বিএছএফে দাবী কৰিছিল যে সংঘৰ্ষত কিছুমান সন্ত্ৰাসবাদী আহত হৈছিল। তেওঁলোকক বিচাৰি উলিওৱাৰ বাবে এটা অনুসন্ধান চলি আছে।

Exit mobile version